বৰদোলিত সত্যাগ্ৰহ আন্দোলন কৰে, কৰে, এনেতে চৌৰিচোৱাত এটা ভীষণ দুৰ্ঘটনা ঘটে। চৌৰিচৌৱাৰ ঘটনা ১৯২২ চনৰ ১৪ ফেব্ৰুৱাৰীত আগ্ৰা- অযোধ্যা-যুক্ত-প্ৰদেশৰ চৌৰিচৌৰাত এদল অধৈৰ্য্য অসহযোগীয়ে তাৰ থানা ঘৰ জুই লগাই পোৰে আৰু তাৰ ২২ জন পুলিচক জ্বলা জুইত পেলাই পুৰি মাৰে।
এখন গাওঁৰ জনদিয়েক লোকে এই জঘন্য পাপ কৰি গোটেই ভাৰতৰ মুক্তি-আন্দোলনত বাধা জন্মোৱাত মহাত্মা গান্ধীয়ে মৰণান্তিক দুখ প্ৰকাশ কৰে আৰু অনিদ্দিষ্ট কাললৈ অসহযোগ আন্দোলন বন্ধ কৰে। বৰদোলি সত্যাগ্ৰহো স্থগিত ৰাখে। আন কি পিকেটিং, শোভাযাত্ৰা আদি কৰিবলৈকো বাধা দিয়ে। স্বেচ্ছাসেৱক সকলক কেৱল সূতা কটা আৰু খদ্দৰ তৈয়াৰ কৰাত আত্ম নিয়োগ কৰিবলৈ গোহাৰি জনায়।
যি আন্দোলন বৃটিছৰ প্ৰভূত শক্তিয়ে অনেক চেষ্টা কৰিও তল পেলাব পৰা নাছিল, সি মহাত্মাজীৰ গ্ৰেপ্তাৰ মহাত্মাজীৰ এষাৰ কথাতে পানী ঢলা জুইৰ দৰে নুমাল।
বহুদিন আগৰ পৰাই মহাত্মাজীৰ গ্ৰেপ্তাৰৰ জনবৰ উঠি আছিল। বিলাততো এই সম্পৰ্কে জল্পনা-কল্পনাৰ গুজব অনেক শুনা গৈছিল। কিন্তু এতিয়ালৈকে সি কাৰ্য্যত পৰিণত হোৱা নাছিল। চৌৰিচোৱাৰ ঘটনাই চৰকাৰ-পক্ষক সেই কাৰ্য্যৰ বল যোগালে।
১৯২২ চনৰ ১০ মাৰ্চত সবৰমতী আশ্ৰমৰ পৰা মহাত্মাজীক
৫৯