সমললৈ যাওক

পৃষ্ঠা:শান্তি-দূত.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শান্তি-দূত
মহাত্মা গান্ধী
 

 যুবৰাজৰ আগমনত কলিকাতা আদি আন আন নগৰতো সম্পূৰ্ণ হৰতাল কৰা হৈছিল। কিন্তু তেনে ভীষণ ভাৱে আন ঠাইত অশান্তিৰ সৃষ্টি হোৱা নাছিল। অসহযোগী সকলৰ কাৰণে ৰাজ-প্ৰতিনিধিয়ে যুবৰাজক মাতি আনি যথোচিত ৰাজকীয় সন্মান দেখুৱাব নোৱাৰাত ভাৰতৰ শাসনৰক্ষী ইংৰাজ চিভিলিয়ান সকলে বৰ বেয়া পায় আৰু তাৰ হোৰ অসহযোগী সকলৰ ওপৰত তুলিবলৈ দৃঢ় সংকল্প কৰে।

 ফলত অসহযোগী সকলৰ লঘু-লাঞ্ছনা কুলাই পাচিয়ে নধৰা হয়। নেতা সকলক প্ৰায়েই জেলত ভৰায়। অসহযোগী বন্দীৰ ভিৰত জেলত ঠাই নাইকিয়া হৈ পৰে। ভাৰত-আকাশ বিষাদৰ ক'লা ডাৱৰে ঢাকি ধৰে। চৰকাৰৰ পীড়া পাই আন্দোলন বেচি ব্যাপক আৰু উগ্ৰ হয়। জন-সাধাৰণৰ মন উতলি উঠে। চৰকাৰ পক্ষৰ লোকসকল ক্ষিপ্ত হয়। অসহযোগীৰ জাতীয় ধ্বনিৰে ভাৰতৰ পৰ্ব্বত কন্দৰ প্ৰতিধ্বনিত হয়।

 মহাত্মাই এই উত্তেজিত জন সমাজক আচল বাট লগাবলৈ যত্ন কৰে আৰু চৰকাৰৰ বে-আইনী আৰু বৰ্ব্বৰতাৰ নিৰ্ভয়ে ব্যাখ্যা কৰে।

 ইতিমধ্যে চৰ্দাৰ বল্লভ ভাই পেটেলৰ যত্নত বৰদোলিবাসী সত্যাগ্ৰহৰ বাবে প্ৰস্তুত হয়। মহাত্মাই ৰাজ প্ৰতিনিধিক এখন চিঠিৰে জনায় যে, চৰকাৰে যদি দমন নীতি পৰিহাৰ নকৰে

তেন্তে অচিৰে বৰদোলিত সত্যাগ্ৰহ কৰা হব।

৫৮