সমললৈ যাওক

পৃষ্ঠা:শান্তি-দূত.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শান্তি-দূত
মহাত্মা গান্ধী
 

বছৰেকীয়া শৰাধৰ দিনা ১৯২১ চনৰ ১লা আগষ্টত বোম্বাইত মহাত্মা গান্ধীৰ নেতৃত্বত বিলাতি কাপোৰৰ যি বিৰাট মেজি পোৰা হল, তাক দেখি ৰজা আৰু ৰাইজ সকলোৱে টভক্ খালে।

 এই সময়তে মহাত্মাই জনসাধাৰণৰ সহযোগৰ কাৰণে কংগ্ৰেচৰ চাৰি অনীয়া সভ্যৰ পৰা এক কোটি টকা তুলি 'স্বৰাজ ফাণ্ড' পতাৰ ব্যৱস্থা কৰে।

 মহাত্মা গান্ধী নিচেই গা-লাহী মানুহ আছিল। চৌকত, আলি বৰ ওখ-ডাঙৰ হটঙ্গা মানুহ আছিল। এদিন এখন মিটিঙত চৌকত্ আলিয়ে ধেমালি কৰি কৈছিল—“আমাৰ উদ্দেশ্য আৰু লক্ষ্য সিদ্ধিৰ কাৰণে ম‍ই মহাত্মাক মোৰ দীঘল চোলাৰ জেপত লৈ গোটেই ভাৰত ভ্ৰমণ কৰিম।”

 ১৯২১ চনত মহাত্মা প্ৰথমবাৰ অসমলৈ আহে। অসমৰ ঘৰে ঘৰে যঁতৰ আৰু তাঁতশাল দেখি  মহাত্মাৰ অসম ভ্ৰমণ তেওঁ আনন্দ প্ৰকাশ কৰে। অসমৰ বিধবা বিবাহ আৰু সাম্প্ৰদায়িক ঐক্যৰ তেওঁ প্ৰশংসা কৰিছিল। ফুকন-বৰদলৈকে আদি কৰি অসমৰ নেতা সকলৰ যত্নত অসহযোগ আন্দোলনৰ কাৰ্য্যকাৰিতা দেখি তেওঁ সুখ পায়।

 ১৯২১ চনৰ ফেব্ৰুৱাৰী মাহত মন্টেগু চেমচ ফোৰ্ড শাসন সংস্কাৰৰ কাৰ্যকাৰিতা

 

ডিউক অব কনটৰ
ভাৰত ভ্ৰমণ

পৰিদৰ্শন কৰিবলৈ বৃটিছ মন্ত্ৰীসভাৰ সদিচ্ছাৰ দূত স্বৰূপে ৰজাৰ দদায়েক ‘ডিউক অব কনট' ভাৰতলৈ আহিছিল।

৫৫