সমললৈ যাওক

পৃষ্ঠা:শান্তি-দূত.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শান্তি-দূত
মহাত্মা গান্ধী
 

বজালৈকে কংগ্ৰেচৰ মুকলি সভাত এই প্ৰস্তাৱৰ ভোট লোৱা হয়। ভোট গণনাৰ সুবিধাৰ কাৰণে প্ৰতিনিধি সকলক প্ৰদেশে প্ৰদেশে ভাগ কৰি লোৱা হৈছিল। বাৰখন প্ৰদেশৰ দহখনেই গান্ধীজীৰ প্ৰস্তাৱৰ পক্ষে সৰহ সংখ্যক ভোট দিছিল। কেৱল মধ্য প্ৰদেশ আৰু বেৰাবৰ ভোট মহাত্মাই কম পাইছিল। ৫৮১১ জন প্ৰতিনিধিৰ ২৭৯৭ জনে ভোটাধিকাৰ পাইছিল। তাৰে ৬৩ জনে কোনো পক্ষে ভোট দিয়া নাছিল। মহাত্মাৰ পক্ষে ১৮৫৫ জনে আৰু বিপক্ষে ৮৭৯ জনে ভোট দিছিল।

 চি, আৰ, দাসৰ প্ৰস্তাৱ নিচেই কম পাৰ্থক্যত পাচ নহল যদিও তেওঁৰ পক্ষৰ লোকসকলে স্বৰাজ্যদল গঠনৰ বাবে উঠি-পৰি লাগে। তেওঁলোকে ১৯২৩ চনৰ নাগপুৰ কংগ্ৰেচত সেই প্ৰস্তাৱ পুনৰ তোলে। তাত সেই প্ৰস্তাৱ পাচ হয়। তেওঁলোকে বেলেগে এটা স্বৰাজ্য দল গঠন কৰে। গতিকে মহাত্মাৰ অসহযোগৰ প্ৰস্তাৱ কাৰ্য্যতঃ ঠিক থাকিলেও বাহ্যিক দৃষ্টিতে কংগ্ৰেচৰ ৰূপ সলনি হয়।

 অসহযোগ প্ৰস্তাৱ পাচ হোৱাৰ লগে লগে মহাত্মাই আলি ভাই দুজনাক লৈ প্ৰচাৰ কাৰ্য্যত ভাৰত ভ্ৰমণলৈ ওলাল। তেওঁলোকৰ চেষ্টাত হিন্দু-মুছলমান সকলোৱে অসহযোগ আন্দোলনত যোগ দিলে। আন্দোলন জনপ্ৰিয় হৈ উঠিল। ছাত্ৰই স্কুল-কলেজ এৰিলে। বিলাতি কাপোৰবোৰৰ মেজি সাজি ঠায়ে ঠায়ে জুই লগাই পুৰিলে। লোকমান্য তিলকৰ

৫৪