সমললৈ যাওক

পৃষ্ঠা:শান্তি-দূত.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শান্তি-দূত
মহাত্মা গান্ধী
 

সভাপত্তিয়েও মূল প্ৰস্তাৱৰ কিছুমান বিষয়ত বিৰুদ্ধ মত প্ৰকাশ কৰে। সম্পূৰ্ণ আন্তৰিকতাৰে সৈতে গান্ধীজীৰ প্ৰস্তাৱ সমৰ্থন কৰিছিল ডাঃ এনি বেচাণ্টে। সভা ঘৰৰ বাহিৰে-ভিতৰে বিপুল উত্তেজনাৰ সৃষ্টি হৈছিল। বাহিৰত অতি কমেও দুহেজাৰ বিয়াকুল দৰ্শকে প্ৰস্তাৱৰ ফলাফললৈ বাট চাই সভাঘৰ ঘেৰি থিয় দি আছিল।

 মুকলি সভাৰ সমৰ্থন সাপেক্ষে যেতিয়া বিপুল জয়ধ্বনিৰ মাজত সভাপতিয়ে মহাত্মাৰ প্ৰস্তাৱৰ জয় ঘোষণা কৰে, তেতিয়া বাহিৰত মহাত্মা গান্ধী কি জয়, ভাৰত মাতা কি জয়, বন্দে মাতৰম্ প্ৰভৃতি ধ্বনিৰে কলিকাতাৰ গগণ-পবন প্ৰতিধ্বনিত কৰে।

 বিপিন পাল আৰু চিত্তৰঞ্জন দাসৰ কাউন্সিল বৰ্জ্জনৰ বিপক্ষে দুটা সংশোধনী প্ৰস্তাৱৰো ভোট লোৱা হৈছিল। বিপিন পালৰ প্ৰস্তাৱ গৃহীত হলে চিত্তৰঞ্জনে দাসে তেওঁৰ প্ৰস্তাৱ উঠাই লবলৈ সম্মত হৈছিল। বিষয় বাচনি সভাত ২৯৬ জন প্ৰতিনিধি আছিল। বিপিন পালৰ প্ৰস্তাৱৰ পক্ষে ১৩৫ জনে আৰু মহাত্মাৰ পক্ষে ১৬১ জনে ভোট দিছিল। এইদৰে বিপিন পালৰ প্ৰস্তাৱ নষ্ট হোৱাত চি. আৰ, দাসৰ প্ৰস্তাৱৰ ভোট লোৱা হয়। তেওঁৰ পক্ষে ১৩৩ জনে আৰু বিপক্ষে ১৪৮ জনে ভোট দিয়ে। ১৫ জন নিৰপেক্ষ থাকে। দুয়োটা সংশোধনী প্ৰস্তাবেই নষ্ট হোৱাত মহাত্মাৰ মূল প্ৰস্তাৱেই পাচ হয়।

 পিচদিনা ৯ চেপ্তেম্বৰৰ ৰাতিপুৱা ৮ বজাৰ পৰা বাৰ

৫৩