ভঞ্জন আৰু নিজৰ দৃঢ় মত প্ৰচাৰ কৰিলে । তেওঁৰ ভাষাত কোনো দ্ব্যর্থক শব্দ নাছিল। তেওঁৰ কথা বন্দুকৰ গুলীৰ দৰে পোন আছিল। তেওঁ উদ্দেশ্য সাধনৰ কাৰণে কোনো কথাকে ৰাখি-ঢাকি নকৈছিল ।
জালিয়ানাবাগৰ হত্যাকাণ্ড আৰু খিলাফত, আৰু স্বৰাজ এই তিনিটা সমস্যাৰ সিদ্ধান্তৰ
কংগ্ৰেছ মহাসভাত
অসহযোগৰ প্ৰস্তাৱ
কাৰণে ১৯২০ চনৰ চেপ্তেম্বৰ মাহত কলিকাতাত ভাৰতীয় কংগ্ৰেছ মহাসভাৰ এটা বিশেষ অধিবেশন বহে। পঞ্জাব-কেশৰী লালা লাজপত্, ৰায় সেই মহাসভাৰ সভাপতি আছিল । মহাত্মাই তাৰ বিষয় বাচনি সভাত অহিংস-অসহযোগৰ প্ৰস্তাৱ তুলি লয়—
“মই কেৱল ভগবানলৈ ভয় ৰাখি জন্মভূমিৰ কাৰণে কৰ্ত্তব্যৰ অনুৰোধত আপোনালোকৰ অনুমোদন সাপেক্ষে এই প্ৰস্তাৱ লৈ থিয় হৈছোঁ। অন্যায় অবিচাৰৰ প্ৰতিৰোধ কৰিবলৈ আমাৰ হাতত কেৱল অহিংস-অসহযোগৰ অস্ত্ৰহে আছে। তাকে লৈ সকলোৱে ধৰ্ম্মৰ পথত থাকি বৃটিছৰ লগত যুঁজ দিওঁ আহক ৷”
ডাক্তৰ কিচলু আছিল মহাত্মাৰ প্ৰস্তাৱৰ সমৰ্থক ।
এই অভিনৱ প্ৰস্তাৱ লৈ একেৰাহে আঠ ঘণ্টা কাল তুমুল বাক-যুদ্ধ হয়। গান্ধীজীৰ মূল প্ৰস্তাৱৰ চল্লিশটা সংশোধনী প্রস্তাব উঠে। পণ্ডিত মালব্যজী, চি, আৰ, দাস, বিপিন পাল,
জিন্না প্রভৃতি বিশিষ্ট নেতাসকলে প্ৰস্তাৱৰ বিৰোধিতা কৰে ।
৫২