সমললৈ যাওক

পৃষ্ঠা:শান্তি-দূত.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শান্তি-দূত
মহাত্মা গান্ধী
 

 মহাত্মাই কোনো আন্দোলনকে ৰজা আৰু ৰাইজক নজনোৱাকৈ গোপনে কৰা নাছিল। গতিকে এই ক্ষেত্ৰতো তাৰ ব্যতিক্ৰম নকৰিলে।

 মহাত্মাই অসহযোগৰ চাৰিটা ক্ৰম নিৰ্দ্ধাৰিত কৰিলে।  অসহযোগৰ প্ৰচাৰ  (১) উপাধি বৰ্জ্জন আৰু সম্মানসূচক অবৈতনিক ৰাজকাৰ্য্য পৰিত্যাগ।
 (২) ৰাজকৰ্ম্মচাৰীৰ পদত্যাগ আৰু শাসন বা বিচাৰ বিভাগৰ লগত অসহযোগ।
 (৩) ৰাজকৰ অনাদায়।
 (৪) পুলিচ আৰু সৈনিক বিভাগৰ কৰ্ম্মত্যাগ। কোৱা বাহুল্য যে, এই কাৰ্য্য-ক্ৰম অহিংসা নীতিৰে পালন কৰিব লাগিব।

 এই সম্পৰ্কে জন-শিক্ষা প্ৰচাৰ কৰিবলৈ মহাত্মাই পুনৰ ভাৰত ভ্ৰমণ আৰম্ভ কৰিলে। তেওঁ অনেক ঠাইত বক্তৃতা দি, ইয়ং ইণ্ডিয়া নামে তেওঁৰ সাদিনীয়া বাতৰি কাকতত প্ৰবন্ধ লিখি ইয়াৰ প্ৰয়োগ নীতি প্ৰচাৰ কৰিলে। তেওঁৰ সুক্ষা যুক্তিয়ে শিক্ষিত সমাজক মুগ্ধ কৰিলে। তেওঁৰ মতাবলম্বী আৰু বিৰুদ্ধবাদী সকলোৱে তেওঁৰ অসাধাৰণ বুদ্ধি আৰু নমনীয় প্ৰতিভা দেখি বিস্ময় মানিলে।

 তেওঁৰ কথাৰ অনেক আলোচনা-সমালোচনা হল। মহাত্মাই

তৰ্ক-জালৰ সৃষ্টি নকৰি চুটি আৰু সবল কথাৰে আনৰ সন্দেহ

৫১