“ভাৰতৰ মছলমান প্ৰজাৰ ৰাজভক্তি আৰু দৃঢ় সংকল্পৰ পুৰস্কাৰ স্বৰূপে যুদ্ধৰ অন্তত বৃটিছ জাতিয়ে তাৰ্কি সাম্ৰাজ্যৰ সম্পূৰ্ণতাৰ ওপৰত হাত নিদিব।”
কিন্তু যুদ্ধৰ অন্তত দেখা গল যে, তাৰ্কি সাম্ৰাজ্য খণ্ড-বিখণ্ড হল। খলিফা ৰাজ্যৰ পৰা খেদা খালে। এই বিশ্বাস ভঙ্গৰ কাৰণে ভাৰতৰ মছলমান প্ৰজাই বৃটিছক বৰ বেয়া পাইছিল।
মহাত্মা গান্ধীয়ে মছলমান সকলক সমৰ্থন কৰি কলে যে,
“প্ৰধান মন্ত্ৰীৰ তেনে কথা নাপালে মছলমান সৈন্যই তেওঁলোকৰ ধৰ্ম্ম-গুৰু খলিফাক ৰাজ্যৰ পৰা খেদিবলৈ কেতিয়াও অস্ত্ৰ নধৰিলেহেঁতেন। গতিকে বৃটিছ চৰকাৰে ভাৰতীয় হিন্দু-মুছলমান প্ৰজাৰ আস্থা হেৰুৱাইছে।”
১৯২০ চনৰ ১৪ জুনত মহাত্মা গান্ধীয়ে ৰাজ-প্ৰতিনিধি লৰ্ড চেমচ ফোৰ্ডক এখন মুকলি অসহযোগৰ জাননী চিঠিৰে জনায় :—
“হাণ্টাৰ কমিচনৰ ৰিপোৰ্টে ভাৰতবাসীৰ অবিশ্বাসৰ ভাৱ দৃঢ় কৰিলে। খিলাফতৰ প্ৰশ্নই বৃটিছৰ প্ৰধান মন্ত্ৰীৰ প্ৰতিজ্ঞা ভঙ্গ কৰিলে। গতিকে ভাৰতৰ হিন্দু-মুছলমান প্ৰজাৰ চৰকাৰৰ ওপৰত আস্থা নাই। যদি মই এতিয়াও বৃটিছ শাসনৰ মৰ্যদা আৰু প্ৰাধান্যত বিশ্বাস ৰাখোঁ, তেন্তে এনে এটা উপায় লব লাগিব, যাৰ দ্বাৰা তেওঁলোকে তেওঁলোকৰ ভুল বুজিব পাৰে আৰু তেওঁলোকৰ লগত ভবিষ্যতে ভাৰতবাসীৰ সম্ভাৱ জন্মিব পাৰে।
সেই উপায় অসহযোগ। কিয়নো এই দেশত স্মৰণাতীত কালৰ পৰা অন্যায় অবিচাৰৰ বিৰুদ্ধে অসহযোগ কৰাটোৱেই সাধু পথ বুলি বিবেচিত হৈ আহিছে।”
৫০