সমললৈ যাওক

পৃষ্ঠা:শান্তি-দূত.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শান্তি-দূত
মহাত্মা গান্ধী
 

কংগ্ৰেচৰ ৰিপোৰ্ট প্ৰকাশ পায়। বিপুল শ্ৰম আৰু অসীম ধৈৰ্য্য ধৰি যুগুত কৰা সেই ৰিপোৰ্টৰ এটি কথাও আজিলৈকে কোনো এজনে মিছা বা অতিৰঞ্জিত বুলি কবৰ সাহস কৰা নাই।

 হাণ্টাৰ কমিচনেও চৰকাৰক এটা ৰিপোৰ্ট দিছিল। সেই ৰিপোৰ্ট বহুদিনলৈকে বৃটিছ মন্ত্ৰী সভাত গাপ, দি থৈছিল। কংগ্ৰেচৰ ৰিপোৰ্ট প্ৰকাশ পোৱাৰ পাচত ভাৰত সচিবৰ মন্তব্যেৰে সৈতে সেই ৰিপোৰ্ট প্ৰকাশ পায়। তাতো কংগ্ৰেচ ৰিপোৰ্টত প্ৰকাশ পোৱা দুৰ্ঘটনাবোৰেই প্ৰকাশ পায়। অধিকন্তু তাত সত্যাগ্ৰহৰ কু-ক্ৰিয়াৰ নিন্দা আৰু ডায়াৰৰ বিবেচনাৰ ভুল প্ৰকাশ পায়।

 বৃটিছ পালিয়ামেণ্টতো এই ঘটনাৰ আলোচনা হৈছিল। হাউচ অব কমঞ্চে জেনেৰেল ডায়াৰক পৰিহণা দিছিল; কিন্তু মাইকেল ওডায়াৰৰ শাসন শক্তি আৰু লৰ্ড চেমচফোৰ্ডৰ নিষ্ক্ৰিয়তাৰ প্ৰশংসা কৰিছিল। কিন্তু হাউচ অব লৰ্ডচে ডায়াৰৰ কাৰ্য্যকো সমৰ্থনহে কৰিছিল।

 এই সময়তে ভাৰতত খিলাফত, আন্দোলনৰ ঢৌ উঠে। এই আন্দোলনৰ কাৰণ বহুতো।

 খিলাফত, অন্দোলনপ্ৰধান কাৰণ এই, প্ৰথম মহাৰণৰ সময়ত বৃটিছ সাম্ৰাজ্যৰ প্ৰধান মন্ত্ৰী লয়েড জৰ্জে তাকিয়ে ইংৰাজৰ বিপক্ষে যুদ্ধত যোগ দিয়া কাৰণে ভাৰতৰ মছলমান সকলৰ সহযোগ নাপাব বুলি ভয় কৰি ঘোষণা কৰিছিল যে,

৪৯