চৰকাৰ ঘৃতাহুতি হল। পঞ্জাবৰ অনেক মানুহক মৰিয়ালে, টঙ্গনিয়ালে। কোদোৰ বাহ উজাৰ খোৱাদি পঞ্জাবীবোৰ অতিষ্ঠ হৈ উঠিল ।
১০ এপ্ৰিলত মহাত্মাই পঞ্জাবলৈ যাত্ৰা কৰিলে। তেওঁক কোণী নামে এটা ষ্টেচনৰ পৰা পুলিচে ওভোটাই আহ্মণবাদলৈ লৈ গল । এই কথা শুনি ৰাইজ আৰু অধীৰ হল । তেওঁলোকে চৰকাৰী ঘৰ জুই দি পুৰিলে । পুলিচৰ হাতৰ অস্ত্ৰ কাঢ়ি ললে, ৰেল বন্ধ কৰিলে, টেলিগ্ৰাফৰ তাঁৰ কাটিলে, দোকান-পোহাৰ লুট কৰিলে ।
ৰাইজৰ এইবোৰ কু-ক্রিয়া দেখি মহাত্মা মর্মাহত হল। তেওঁ এইবোৰ কাৰ্য্যৰ নিন্দা কৰি তেনে কাৰ্য্য কৰাবোৰক 'দুৰাগ্রহী' নাম দিলে আৰু ৰাইজক জনালে যে,—
“সত্যাগ্রহ সম্পূর্ণ অহিংসাৰ অস্ত্ৰ ৷ সত্যাগ্রাহী কায়-মনো-বাক্যে অহিংস হব লাগে ৷ ইয়াত ঘৰ পোৰা, লুট কৰাৰ কোনো সুৰুঙা নাই । মই পবিত্র অস্ত্ৰৰ অপব্যৱহাৰ দেখি মৰ্ম্মাহত হৈছে৷ আৰু সেই পাপৰ প্ৰায়শ্চিত্ত ৰূপে ৭২ ঘণ্টা অনশনে থাকি ঈশ্বৰক প্ৰাৰ্থনা কৰিবলৈ থিৰ কৰিছোঁ।
পঞ্জাবত এই আইনৰ প্ৰতিবাদ অতি ব্যাপক ভাৱে হল। তেজী পঞ্জাবীবোৰে গোটেইখন জালিওনাবাগ হত্যাকাণ্ড
প্রদেশ উথল মাখল লগাই দিলে। পঞ্জাব-চৰকাৰে কঠোৰ শাসনেৰে পঞ্জাবীবোৰক দমন কৰিবলৈ
৪৫