সমললৈ যাওক

পৃষ্ঠা:শান্তি-দূত.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শান্তি-দূত
মহাত্মা গান্ধী
 

 নীল-কুঠিৰ চাহাববোৰে স্বাৰ্থত ব্যাঘাত ঘটাত মহাত্মাক বৰ বেয়া পাইছিল। ভাৰতৰ জনসাধাৰণেও এই ঘটনা লৈ হৈ-চৈ লগাব খুজিছিল। বাতৰি যোগনীয়াবোৰে চাম্পাৰণৰ কথা পাবলৈ মহাত্মাক বৰকৈ ধৰিছিল। কিন্তু মহাত্মা গান্ধীয়ে স্বাভাৱিক ধৈৰ্য্য, সহজ সাধুতা আৰু অতুলনীয় দৃঢ়তাৰে নিজৰ কৰ্ত্তব্য কৰি গৈছিল। তেওঁৰ নিজৰ কাৰ্য্যক বাহিৰত ঢোল পিতি জনাবৰ মুঠেও ইচ্ছা নকৰিছিল।

 মহাত্মাৰ এইৰূপ নীৰৱ যত্নত এশ কুৰি বছৰ চলি অহা তিনিকঠীয়া ৰীতি'লোপ পালে। নীলকৰৰ ৰাজ্য উপান্ত হল। নীল খেতি উঠিয়েই গ’ল ৷ খেতিয়কবোৰে মুক্তিৰ আনন্দ উপভোগ কৰিবলৈ ধৰিলে। গান্ধীজীয়ে আশ্ৰমৰ সেৱক-সেবিকা সকলক তালৈ মাতি আনি তেওঁলোকৰ হতুৱাই শিক্ষা আৰু সংস্কাৰৰ উৎসাহ দিয়ালে। তেওঁলোকৰ আশা-শুধীয়া যত্নত দৰিদ্ৰ খেতিয়ক সকলৰ বহুতো বদভ্যাস দূৰ হল। তেওঁলোকে স্বাস্থ্য আৰু সৌন্দৰ্য্যৰ প্ৰতি চকু ৰাখি পৰিপাটিকৈ থাকিবলৈ শিকিলে। লিখা-পঢ়াৰ প্ৰতি তেওঁলোকৰ ধাউতি বাঢ়িল।

 ১৯১৭ চনৰ আগষ্ট মাহত বৃটিছ সাম্ৰাজ্যৰ প্ৰধান মন্ত্ৰী লয়েড জৰ্জে পালিয়ামেণ্ট

 

বৃটিছ প্ৰধান মন্ত্ৰীৰ ঘোষণা

মহাসভাত ভাৰতৰ ভবিষ্যত শাসন নীতিৰ আঁচনি কৰিবলৈ ভাৰত সচিব মণ্টেগু চাহাবক ভাৰতলৈ পঠিওৱা কথা

৪১