সমললৈ যাওক

পৃষ্ঠা:শান্তি-দূত.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শান্তি-দূত
মহাত্মা গান্ধী
 

এৰিব লাগিব। কিয়নো তেওঁৰ আগমনে জন-সাধাৰণৰ শান্তিভঙ্গ আন কি প্ৰাণহানি কৰাৰো আশঙ্কা আছে।”

 তাৰ উত্তৰত গান্ধীজীয়ে ডিস্ট্ৰিক্ট ম্যাজিষ্ট্ৰেটক জনায় যে,

 “কৰ্ত্তব্যৰ অনুৰোধত তেওঁ সেই ঠাই এৰিবলৈ অক্ষম; আৱশ্যক হলে আদেশ অমান্যৰ শাস্তি ভুঞ্জিবলৈকে তেওঁ ৰাজি আছে।”

 গান্ধীজীয়ে ভাৰতত চৰকাৰৰ আদেশ অমান্য কৰা এয়ে প্ৰথম। গান্ধীজীৰ উত্তৰ পাই ডিষ্ট্ৰিক্ট ম্যাজিষ্ট্ৰেট বিবুধিত পৰে। তাৰ পাচত তেওঁৰ কৰ্ত্তব্য কি এই সম্পৰ্কে চৰকাৰক সোধে। চৰকাৰে গান্ধীজীৰ ওপৰত দিয়া আদেশ তুলি লয় আৰু গান্ধীজীক লৈ চাম্পাৰণৰ কাহিনী তদন্ত কৰিবলৈ এটা কমিটি পাতি দিয়ে। গান্ধীজীয়ে সেই কমিটিৰ লগত মিলি-জুলি তদন্ত কাৰ্য্য শেষ কৰে। তেওঁলোকে উমৈহতীয়া বিবৃতি দি চৰকাৰক জনায়। চৰকাৰে তেওঁলোকৰ বিবৰণ পঢ়ি নীলকুঠিৰ চাহাববোৰে কৰা অন্যায়-অবিচাৰবোৰ মানি লয় আৰু তাৰ প্ৰতিকাৰৰ ব্যৱস্থা কৰে।

 মহাত্মা গান্ধীয়ে এই ঘটনাক এটা ৰাজনৈতিক ৰূপ দি হুলস্থুল লগাব খোজা নাছিল। তেওঁ সেৱাৰ ভাৱেৰে কাৰ্য্য সিদ্ধিৰ যত্ন কৰিছিল। তেওঁৰ উদ্দেশ্য সম্পূৰ্ণ সিদ্ধ হৈছে আৰু তেওঁৰ চেষ্টাত চাম্পাণবাসীৰ সামাজিক, অৰ্থনৈতিক অশেষ উপকাৰ হৈছে।

৪০