এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শান্তি-দূত
মহাত্মা গান্ধী
ফ্ৰাঞ্চত। ইংলণ্ডত ৰণ-ভেৰি বাজিছে। ইংলণ্ডবাসী ৰণ সজ্জাত মত্ত।
মহাত্মাই অলপো সময় নষ্ট নকৰি যুদ্ধত বৃটিছক সহায় কৰিবলৈ আগবাঢ়ি ওলাল। তেওঁৰ উদগনিত তাত থকা ভাৰতবাসী সকলৰ আশী জনে আহত সৈন্যৰ সেৱাৰ কাৰণে তেওঁৰ লগ লাগিল। তেওঁলোকে ছয় সপ্তাহ শিক্ষা ললে আৰু প্ৰাথমিক চিকিৎসাৰ পৰীক্ষা পাচ কৰিলে।
তাৰ পাচতে গান্ধীজীক প্লুৰেচি বেমাৰে আক্ৰমণ কৰিলে। এই কথা শুনি গোখ্লে ফ্ৰাঞ্চৰ পৰা বিলাতলৈ আহিল আৰু গান্ধীজীৰ লগ লাগিল। গোখ্লেৰ তেতিয়া অলপ ভাল, কিন্তু গান্ধীজীৰ কাৰণে উৎকণ্ঠিত। তেওঁ গান্ধীজীৰ চিকিৎসাৰ ব্যৱস্থা কৰি ভাৰতলৈ আহিল আৰু অলপ ভাল পালেই গান্ধীজীকো ভাৰতলৈ আহিবলৈ কৈ আহিল।
কিছুদিন পাচত গান্ধীজীয়েও অলপ ভালে পালে; কিন্তু সম্পূৰ্ণ আৰোগ্য নহল। বিলাতত জাৰৰ প্ৰকোপ বাঢ়িল। জাৰলৈ ভয় কৰি তেৱোঁ ভাৰতলৈ আহিল।
⸻
৩২