সমললৈ যাওক

পৃষ্ঠা:শান্তি-দূত.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শান্তি-দূত
মহাত্মা গান্ধী
 


মহামতি পিয়াৰ্চন চাহাবে চৰকাৰ আৰু সত্যাগ্ৰহী সকলৰ আপোচৰ কাৰণে যথাসাধ্যে চেষ্টা কৰিলে। এই সকলোবোৰৰে হেঁচাত দক্ষিণ আফ্ৰিকাৰ চৰকাৰে গান্ধীজীৰ লগত পৰামৰ্শ কৰি তলত দিয়া ধৰণে আইনবোৰ সংশোধন কৰিবলৈ মান্তি হল। ১৯১৪ চনৰ জুলাই মাহত এই সংশোধন কাৰ্য্যকৰী হৈছিল।

 (১) বনুৱাৰ মূৰ গণি লোৱা কৰ ৰহিত হল।

 (২) ৰেজিষ্ট্ৰেচন আইনৰ বাধ্য-বাধকতা ৰদ কৰা হল।

 (৩) অখৃষ্টানৰ বিয়া আইন সম্মত কৰা হল; কেৱল এজনীতকৈ অধিক তিৰোতাৰ বিয়া আইন অসিদ্ধ হৈ থাকিল।

 (৪) ভাৰতীয় লোকক দক্ষিণ আফ্ৰিকাত চলাচল কৰিবলৈ অবাধ অধিকাৰ দিয়া হল।

 এইদৰে ১৯১৪ চনত দক্ষিণ আফ্ৰিকাৰ সমস্যাবোৰৰ সিদ্ধান্ত হোৱাত তাৰ সত্যাগ্ৰহ যুদ্ধৰ অন্ত পৰিল। গান্ধীজীয়ে দক্ষিণ আফ্ৰিকা এৰি ভাৰতলৈ অহাৰ যো-জা কৰিলে।

  এনেতে খবৰ পালে যে, গোখ্লেৰ নৰিয়া তেওঁ চিকিৎসাৰ কাৰণে বিলাতত আছেগৈ। গান্ধীজীয়ে তেওঁক চাবলৈ সপৰিয়ালে বিলাতলৈ গল। ১৯১৪ চনৰ ৬ আগষ্টত তেওঁলোকে পোৰ্ট

স্মাউথ বন্দৰত নমিল। তাৰ দুদিন আগতে ৪ আগষ্টত ইংৰাজে জাৰ্মানিৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে। গোখ্লে তেতিয়া

৩১