তেওঁ ভাৰত-সেৱা সমিতিৰ প্ৰতিষ্ঠাতা। গান্ধীজীয়ে গোখ্লেক ৰাজনৈতিক গুৰুৰূপে শ্ৰদ্ধা
আফ্ৰিকা ভ্ৰমণ
কৰিছিল। গোখ্লেৰ শৰীৰ ভাল নাছিল। গান্ধীজীয়ে তেওঁক ভাৰতৰ কামৰ হেঁচাৰ পৰা কিছুদিন আঁতৰি দক্ষিণ আফ্ৰিকাত জিৰণি লবলৈ মাতিছিল। ১৯১২ চনত গোখ্লে দক্ষিণ আফ্ৰিকালৈ যায়। কিয়নো এই দুজনা ঋষিতুল্য পুৰুষে ইজনে সিজনৰ ভাললৈ চিন্তা কৰিছিল।
কিন্তু দৈৱৰ ফেৰত তেওঁ দক্ষিণ আফ্ৰিকাত ভাৰততকৈও অধিকহে খাটিবলগীয়া হল। গোখ্লে দক্ষিণ আফ্ৰিকাৰ ভাৰতীয় লোকৰ সমস্যা বিলাকৰ হকে অনেক মেল-মিটিঙত বক্তৃতা দিবলগীয়া হল; চৰকাৰৰ সচিব সকলৰ লগত আলোচনা কৰিবলগীয়া হল; জেনেৰেল স্মাটৰ লগত ৰেখা কৰিবলগীয়া হল।
স্মাটে অভিযোগবোৰ আতঁৰাম বুলি কথা দিলে; কিন্তু কথা নাৰাখিলে। এই কথাত চৰকাৰৰ ওপৰত বিতুষ্ট হৈ তেওঁ ভাৰতলৈ আহিল। দক্ষিণ আফ্ৰিকাত সত্যাগ্ৰহ-যুদ্ধ চলাবৰ কাৰণে ভাৰতৰ পৰা বহুতো টকা তুলি দিলে। লিখা-লিখি কৰি দক্ষিণ আফ্ৰিকাৰ ভাৰতীয় লোকৰ অভিযোগবোৰৰ প্ৰতি ভাৰত চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰালে। ভাৰত চৰকাৰে ‘এণ্টি এচিয়াটক ল’বোৰ সংশোধন কৰিবলৈ দক্ষিণ-আফ্ৰিকা- যুক্তৰাজ্যৰ চৰকাৰক পৰামৰ্শ দিলে। দীনবন্ধু এণ্ড্ৰজ আৰু
৩০