সমললৈ যাওক

পৃষ্ঠা:শান্তি-দূত.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শান্তি-দূত
মহাত্মা গান্ধী
 

 স্মাটে কিন্তু কথা দি কথা নাৰাখিলে ৷ গতিকে গান্ধীজীৰ ৰীতিমতে আগতে চৰকাৰক জনাই পুনৰ সত্যাগ্ৰহ আৰম্ভ কৰে। এইবাৰ আন্দোলন আগৰবাৰতকৈও বেচি ব্যাপক হয়। খনিত কাম কৰা ছহেজাৰ ভাৰতীয় বনুৱাই কাম এৰি আন্দোলনত যোগ দিয়ে। বহুতৰে ফাটক হয়। এইবাৰ গান্ধীজীক দীৰ্ঘকাললৈ ফাটক দি তেওঁৰ অনুগামী সকলক ফুচুলাই নিৰস্ত্ৰ কৰিবলৈ চৰকাৰে চেষ্টা কৰিছিল। কিন্তু চৰকাৰৰ চেষ্টা ফল নধৰিলে। তেতিয়া শই শই বনুৱাক ফাটক দিলে; গান্ধীজীক মুক্তি দিলে। মুক্তি দি গান্ধীজীক বাহিৰত কাম কৰিবৰ সুবিধা দিয়াত আন্দোলন আৰু বেচি ব্যাপক হল। চৰকাৰৰ নিৰ্য্যাতন বাঢ়িল; গান্ধীজী আৰু তেওঁৰ শিষ্য সকলৰ লঘু-লাঞ্ছনা কুলাই-পাচিয়ে নধৰা হল৷ চৰকাৰে গান্ধীজীৰ লগত অনেকবাৰ আপোচৰ কথা-বাৰ্ত্তা চলালে। কিন্তু ১৯১১ চনলৈকে কোনো স্থিৰ সিদ্ধান্তত উপনীত হব নোৱাৰিলে। গান্ধীজীয়ে অনেকবাৰ ফাটক খালে,অনেক শ্বেতাঙ্গৰ মাৰ খালে, দুপৰীয়া ৰদত আলিৰ দাঁতিত বহি শিল ভাঙ্গিলে, নিজান ফাটকৰ নিকাৰ ভুঞ্জিলে। কিন্তু এইবোৰ শাৰীৰিক কষ্টই তেওঁক অলপো টলাব নোৱাৰিলে। তেওঁ ভীষ্মৰ দৰে নিজৰ উদ্দেশ্য আৰু লক্ষ্যসিদ্ধিত থিৰে থাকিল।

 সেই সময়ত জন-সেৱা আৰু দেশপ্ৰেমৰ কাৰণে মহামতি গোপালকৃ্ষ্ণ গোখ্লেৰ নাম ভাৰতবাসীৰ মাজত অগ্ৰগণ্য ৷

২৯