সমললৈ যাওক

পৃষ্ঠা:শান্তি-দূত.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শান্তি-দূত
মহাত্মা গান্ধী
 

কৰি হুলস্থূল লগায়। একেবাৰে নতুন ধৰণৰ এই আন্দোলনে চৰকাৰক পেপুৱা লগায়। চৰকাৰে ১৯০৭ চনৰ আৰম্ভণিতে মহাত্মা আৰু তেওঁৰ অনুগামী প্ৰায় দুশ লোকক ফাটক দিয়ে। তেওঁৰ অনুগামী প্ৰায় ভাগৰেই ছমাহৰ সশ্ৰম ফাটকৰ হুকুম হয়। কিন্তু গান্ধীজীয়ে আন্দোলনৰ গুৰি ধৰোঁতা হিচাবে সৰহ শাস্তি পাব লাগে বুলি যুক্তি দেখুওৱাতো মুঠে দুমাহৰ বিনা শ্ৰম ফাটকৰ হুকুম হয়। কিন্তু সুখৰ বিষয় যে, চৰকাৰে তিনি সপ্তাহৰ পাচতে ১৯০৭

স্মাট-গান্ধী চুক্তি

চনৰ ৩০ জানুৱাৰীত সকলো সত্যাগ্ৰহীকে মুক্তি দিয়ে। গান্ধীজীৰ লগত স্মাটৰ চুক্তি হয়। চুক্তিমতে ভাৰতীয় লোকে নিজ ইচ্ছাত নাম ৰেজিষ্ট্ৰি কৰিলে কৰিব; নকৰিলে বাধ্য কৰা নহব বুলি স্মাটে কথা দিয়ে। এই সৰ্ত্তত গান্ধীজীয়ে সত্যাগ্ৰহ স্থগিত ৰাখিবলৈ সন্মত হয়।

 এইদৰে চুক্তিবদ্ধ হোৱাত কিছুমান সত্যাগ্ৰহীয়ে গান্ধীজীক বৰ বেয়া পায়। তেওঁলোকে তেওঁলোকক চৰকাৰৰ কোপাগ্নিত পেলাই দি গান্ধীজীয়ে চৰকাৰৰ লগত মিত্ৰতা কৰা বুলি ভুলকৈ বুজে। ইয়াৰ প্ৰতিশোধ লবলৈ মীৰ আলম্‌ নামে এজন পাঠানে গান্ধীজীক ৰেজিষ্ট্ৰেচন অফিচলৈ যোৱা বাটত পিচ ফালৰ পৰা শকত টাঙোন এডালেৰে মূৰত মাৰ মাৰে। গান্ধীজী মূৰ্চ্ছা গৈ মাটিত পৰি যায়। এজন পাদ্ৰী চাহাবেহে তেওঁৰ জীৱন ৰক্ষা কৰে।

২৮