সত্যাগ্ৰহৰ দাৰ্শনিক ব্যাখ্যা অতি গভীৰ ৷ সি সৰ্ব্ব সাধাৰণৰ বুদ্ধিৰ অগম্য। তাৰ তত্ত্ব
আলোচনা কৰাৰ আৱশ্যক নেদেখোঁ। তাৰ মৰ্ম্ম এই :⸺
ই মহাত্মা গান্ধীৰ সাধনা লব্ধ অস্ত্ৰ ৷ ইয়াৰ আগৰ ইংৰাজী নাম আছিল ‘পেচিভ ৰেজিষ্টান্স'। “পেচিভ ৰেজিষ্টান্স’ কিছুমানে দুৰ্ব্বলৰ অস্ত্ৰ বুলি সমালোচনা কৰে। তেতিয়া মহাত্ম৷ই তাৰ নাম সলাই সত্যাগ্ৰহ’ দিয়ে। সত্যাগ্ৰহ সত্য আৰু প্ৰেমৰ পৰা ওপজা এটা আন্তৰিক শক্তি। ইয়াৰ মূল মন্ত্ৰ :—
“মৰেঙ্গে ইয়া কৰেঙ্গে ;মৰেঙ্গে,কভি নেহি মাৰেঙ্গে ৷”
নিজে মৰি আনৰ উপকাৰ কৰিবলৈ সাজু, তেওঁহে প্ৰকৃত সত্যাগ্ৰহী। সত্যাগ্ৰহ দুমুখীয়া তৰোৱাল। ইয়াৰ ধাৰেও কাটে, গদিয়েও কাটে। তোমাৰ যি ফালে ইচ্ছা, ইয়াক ব্যৱহাৰ কৰিব পাৰা। যি ইয়াক ব্যৱহাৰ কৰে, তাৰো ই উপকাৰ কৰে; যাৰ ওপৰত ইয়াক ব্যৱহাৰ কৰা যায়, তাৰো ই উপকাৰ কৰে। ইয়াত মৰিচা নধৰে। ইয়াক চোৰে চুৰ কৰি নিব নোৱাৰে ৷ ইয়াৰ শক্তি অসীম। দুৰ্ব্বলে ইয়াক ব্যৱহাৰ কৰিব নোৱাৰে ৷
গান্ধীজীয়ে এই দুৰ্জ্জয় অস্ত্ৰৰ প্ৰয়োগ বিধি ব্যাখ্যা কৰি, নিজে আৰ্হি দেখুৱাই দক্ষিণ আফ্ৰিকাৰ ভাৰতীয় লোক সকলৰ ধাৰণা জন্মায়। তেতিয়া ইয়াক চৰকাৰৰ বিৰুদ্ধে প্ৰয়োগ
২৭