আহত জুলুবোৰক খাটত তুলি কঢ়িয়াই আনি পতিপাল কৰিছিল। এটা কথাত সেৱক সকলেই আছিল লস্কৰ, ডাক্তৰ, কম্পাউণ্ডাৰ, ধাই সকলো। তেওঁলোকে একোদিন ত্ৰিশ চল্লিশ মাইলকৈ বাট খোজ কাঢ়ি ৰোগী কঢ়িয়াব লগা হৈছিল। নিৰস্ত্ৰ আৰু অৰক্ষিত ভাবে অটব্য হাবিৰ অসভ্য শত্ৰুৰ মাজেৰে খোজ কাঢ়ি ৰোগী কঢ়িওৱা কি দুঃসাধ্য কাম, তাক ভাবিলেও ভয় লাগে ৷ কিন্তু গান্ধীজীৰ প্ৰেৰণাত দুঃসাধ্যও সুসাধ্য হৈছিল। এটা কথাত ইংৰাজ দল হাবিত মানুহ চিকাৰত মত্ত; আৰু গান্ধীজীৰ দল সেৱাৰ ভাৱত মত্ত। ই যেন নৰকৰ অন্ধকূপৰ কাণে কাণে স্বৰগলৈ যোৱা বৈদূৰ্য্যৰ পিচল বাট।
তেতিয়াৰ পৰাই গান্ধীজীয়ে সম্পূৰ্ণ ব্ৰহ্মচৰ্য্য পালন কৰে ৷ আগৰে পৰা এই বিষয় চেষ্টা কৰি অনেক আগবাঢ়ি আছিল। জুলু-সেৱাৰ পাচৰ পৰা তেওঁৰ এইভাৱৰ দৃঢ় হল যে, সেৱাৰ মাজেৰে ব্ৰক্ষ্মদৰ্শন কৰিবলৈ ব্ৰহ্মচৰ্য্যৰ অনিবাৰ্য্য আৱশ্যক।
এই সময়তে দক্ষিণ আফ্ৰিকাৰ ব্যৱস্থাপক সভাত এখন ‘ৰেজিষ্ট্ৰেচন বিল’ পাচ হয়।
এণ্টি এচিয়াটিক ল
এই বিল আইনত পৰিণত হলে সকলো ভাৰতীয় লোককে চৰকাৰী খাতাত তালিকাভুক্ত হবলৈ বাধ্য কৰা হব।
গান্ধীজীয়ে এই বিলৰ বিৰোধিতা কৰি তাক আইনত পৰিণত নকৰিবলৈ নিজে ১৯০৬ খৃষ্টাব্দত বিলাতলৈ গৈ তেতিয়াৰ বৃটিছ
২৫