অধিকাৰ লাভৰ কাৰণে ভাৰতীয় সকলৰ জনমত গঠিত হৈছিল আৰু তেওঁলোকৰ মাজত উদাৰ ভাৱৰ সামাজিক শিক্ষা প্ৰচাৰ হৈছিল।
১৯০৪ চনৰ শেষ ভাগত তেওঁ দেখিলে যে, তেওঁৰ আৰ্জ্জনৰ সৰহ অংশ টকা খৰচ কৰিও কাকতখন চলোৱা টান হৈ পৰিছে। তাৰ কিবা উপায় উলিয়াব পাৰি নে নোৱাৰি সেই বিষয় অনুসন্ধান কৰিবলৈ তেওঁ ডাৰবানলৈ গল।
ৰেলেৰে যাওঁতে বাটত তেওঁ ঋষি টলষ্টয়ৰ “আন টু ডি লাষ্ট” নামৰ কিতাপখন পঢ়ি গৈছিল। সেই কিতাপ পঢ়ি তেওঁৰ ভাব হল যে, কাকতৰ কাৰ্য্যকাৰক সকলক সেৱাৰ ভাৱেৰে অনুপ্ৰাণিত কৰিব পাৰিলে এই কাম সহজ সাধ্য হব।
এই উদ্দেশ্যে তেওঁ এখন আশ্ৰম পাতিবলৈ মন কৰিলে। তেওঁ ডাৰবানৰ পৰা ১৪ মাইল আঁতৰত এশ একৰ জঙ্ঘল মাটি কিনি তাত এখন আশ্ৰম পাতিলে৷ আশ্ৰমখনৰ নাম দিলে ‘টলষ্টয় ফাৰ্ম’। এই আশ্ৰমলৈ ফনিক্স নামে এটা ৰেল ষ্টেচনৰ পবা আঢ়ৈ মাইল যাব লাগে। সেই কাৰণে তাক ফনিক্সৰ পামো বোলে।
প্ৰাচীন ভাৰতৰ ঋষি-মুনি সকলৰ আশ্ৰমৰ দৰে তাত আশ্ৰমবাসী সকলে নিজে খেতি-বাতি কৰি সাধাৰণভাবে জীবিকা চলাবৰ দিহা কৰিলে। তেওঁলোকক জন-সেৱাৰ ভাৱত উদ্বুদ্ধ কৰিবলৈ শিক্ষা দিয়াৰ ব্যৱস্থা কৰিলে। তালৈ ‘ইণ্ডিয়ান
২১