১৮৯৩ খৃষ্টাব্দত গান্ধীজী যেতিয়া দক্ষিণ আফ্ৰিকালৈ যায়, তেতিয়া তাত ভাৰতীয় মানুহৰ সংখ্যা প্ৰায় আশী হাজাৰ, এতিয়া প্ৰায় দেৰ লাখ।
এই মানুহবোৰৰ সৰহভাগেই আছিল 'গিৰমিটীয়া কুলী', কিছুমান 'ফাল্টু কুলী'
লোকৰ প্ৰতি শ্বেতাঙ্গবোৰৰ
ব্যৱহাৰ
আৰু কিছুমান বেপাৰী। সিহঁতে আলিবাটৰ পকা অংশেৰে খোজ কাঢ়ি যাব নোৱাৰিছিল, নিজাকৈ মাটি কিনি ঘৰ-বাৰী সাজি থাকিব নোৱাৰিছিল, ইচ্ছামতে অলৈ-তলৈ যাব নোৱাৰিছিল। বগা-ক'লাৰ ঘৃণাৰ ভাৱ তাত অত্যন্ত অধিক আছিল।
নাটাল বন্দৰত জাহাজৰ পৰা নামিয়েই গান্ধীজীৰ বেলেগ এখন পৃথিবীত উপস্থিত হোৱা যেন লাগিল। তেওঁ বৃটিছ সাম্ৰাজ্যৰ এজন গণ্য-মান্য প্ৰজা আৰু বৃটিছ প্ৰজাৰ সমান ভাৱত অভ্যস্ত। কিন্তু তাত তেওঁ শ্বেতাঙ্গ সকলৰ পৰা পতিত লোকৰ দৰে ব্যৱহাৰ পাই আচৰিত হৈছিল। তেওঁ নাটালৰ চুপ্ৰীম কোৰ্টৰ এডভোকেট হবলৈ আবেদন কৰিছিল। তাৰ আইন সমিতিয়ে ক'লা মানুহক ওকালতি কৰিবলৈ অনুমতি নিদিবৰ কাৰণে আদালতক বৰকৈ খাটিছিল। অবশ্যে আদালতে গান্ধীজীক তাত ওকালতি কৰিবলৈ অনুমতি দিছিল; কিন্তু তাৰ শ্বেতাঙ্গ সমাজত তেওঁৰ নাম আছিল কুলী বাৰিষ্টাৰ'।
গান্ধীজী দক্ষিণ আফ্ৰিকালৈ গৈছিল নিচেই অলপ দিনৰ
১৩