সমললৈ যাওক

পৃষ্ঠা:শান্তি-দূত.pdf/১৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
পৰিশিষ্ট
মহাত্মা গান্ধী
 

 “টকা আছে বুলিয়েই জধে-মধে খৰচ নকৰিবা। অনাৱশ্যকত পাই এটিও খৰচ কৰা অন্যায় ; আৱশ্যকত লাখ টকা খৰচ কৰিবলৈকো কুণ্ঠিত নহবা ।”

 গান্ধীজীয়ে অতি সামান্য বস্তুৰ অতি ক্ষুদ্র অংশৰো সদ্ব্যৱহাৰ কৰিছিল। এই সম্পর্কে এটি সাধাৰণ উদাহৰণ দিয়া যাওক । তেওঁলৈ নিতৌ জাপে জাপে চিঠি আহিছিল। চিঠি খুলিবলৈ তেওঁৰ এখন সৰু কেঁচি আছিল। তাৰে তেওঁ লেফাফাবোৰৰ মুখ সুন্দৰকৈ কাটি চিঠিবোৰ উলিয়াই পঢ়িছিল। দীঘল লেফাফাবোৰ কাটি অলপ চুটি কৰি মূখত এটুকুৰা নতুন কাগজ লগাই পুনৰ ব্যৱহাৰ কৰিছিল আৰু সৰু লেফাফাবোৰ মুকলি কৰি তৰি নেলেখা পিঠি শ্লিপৰূপে ব্যৱহাৰ কৰিছিল ।

 কোনো সাধাৰণ ঘটনাকে গান্ধীজীয়ে উপেক্ষা নকৰিছিল । নোৱাখালি ভ্ৰমণৰ সময়ত ১৯৪৭ চনৰ ৩ ফেব্ৰুৱাৰী সোমবাৰে ৰাতিপুৱা তেওঁলোক সাতঘৰীয়া নামে এখন গাওঁৰ বাহৰ এৰি সাধুৰখিল নামে আন এখন গাওঁ লৈ যায়। তাৰ আগদিনা ৰাতি কৰবাৰ পৰা বলিয়া মানুহ এজন আহি বাহৰত সোমাই কোঢ়াল কৰিছিল । গান্ধীজীয়ে সেই ঠাই এৰাৰ আগতে এটুকুৰা কাকতত তলত দিয়া কথাখিনি লিখি পৰিচাৰক নিৰ্ম্মল কুমাৰ বসুক দিছিল। কিয়নো সিদিনা তেওঁৰ মৌনাবলম্বনৰ দিন আছিল ।

 “ইয়াৰ ওচৰতে এটা বলিয়া মানুহ আছে। মনুৱে তাৰ বাবে 'ৰাম নাম' ঔষধৰ ব্যৱস্থা কৰিছে। ময়ো কওঁ, তাক যদি

১৫৭