সমললৈ যাওক

পৃষ্ঠা:শান্তি-দূত.pdf/১৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
পৰিশিষ্ট
মহাত্মা গান্ধী
 

 বোধ হয় নিজাকৈ তেওঁৰ ৰাম নামত অগাধ বিশ্বাস আছিল। দক্ষিণ আফ্ৰিকাত পাঠান মীৰ আলমে যেতিয়া পিচফালৰ পৰা তেওঁৰ মূৰত টঙ্গনিয়ায়, তেতিয়া তেওঁ হে ৰাম! এই নাম উচ্চাৰণ কৰি মাটিত দীঘল হৈ পৰি গৈছিল৷ বিৰলা ভৱনৰ চোতালত পাষণ্ড নাথু ৰাম গডছেৰ গুলী খাই তেওঁ হে ৰাম! উচ্চাৰণ কৰি পৰি গৈ প্ৰাণ এৰিছিল। সেই কাৰণে সেই পবিত্ৰ বাণী শিলৰ ফলিত লিখাই বৰ্ত্তমান ভাৰতৰ পুণ্যতীৰ্থ বিৰলা ভৱনত ৰখা হৈছে।

 ১৯০৬ চনৰ পৰাই গান্ধীজীয়ে সম্পূৰ্ণ ব্ৰহ্মচৰ্য্য পালন কৰিছিল। বাক-সংযমো ব্ৰহ্মচৰ্য্যৰ এটা প্ৰধান অঙ্গ; সেই কাৰণে মহাত্মাই সোমবাৰে মুখেৰে মাতি কোনো কথা নকৈছিল।

 গান্ধীজীয়ে এদিন বাদে এদিন 'চেফটি ৰেজৰেৰে' ডাঢ়ি খুৰাইছিল। তেওঁ কেতিয়াও চাবোন ব্যৱহাৰ নকৰিছিল। এখন ব্লেডেৰে যিমান বাৰ খুৰাব পাৰি, সিমান বাৰ খুৰাইছিল। অলপ দুখ পাই বুলি তেওঁ এদিন বা দুদিন খুৰায়েই ব্লেডখন পেলাই নিদিছিল। ডাঢ়িৰ মুঢ়া থাকিলে হাতেৰে মোহাৰি চাই বাৰে বাৰে সেই পুৰণি ব্লেডখনকে টানিছিল। তেজ ওলালে বোকাৰ ‘পুল্টিচ’ লগাইছিল!

 সেই বুলি তেওঁ কৃপণ নাছিল। তেওঁ একোখন জৰুৰী চিঠি পঠিয়াবৰ কাৰণে পত্ৰ-বাহকক আকাশী-যানত পঠিয়াই হেজাৰে

হেজাৰে টকা খৰচ কৰিছিল। তেওঁ লিখিছে—

১৫৬