লৈ ফুৰিছিল। তাত এটি সৰু সঙ্কেত ধ্বনি কৰা যন্ত্ৰ লগাই লৈছিল। শুবৰ সময়ত চাৰি বজাত ধ্বনি কৰাকৈ ঘৰীটো ঘূৰাই গাৰুৰ তলত থৈ শুইছিল। কিন্তু তেওঁৰ অভ্যাস এনে নিখুঁট হৈছিল যে, ঘৰীয়ে ধ্বনি কৰাৰ আগতে তেওঁ সদায় শুই উঠিছিল। তেওঁ উঠাৰ পাঁচ-দহমিনিট পাচতহে ঘৰীটোৱে ধ্বনি কৰিছিল।
দাঁত ঘঁহিবলৈ তেওঁ দাঁতোন ব্যৱহাৰ কৰিছিল। এঙাৰৰ মিহি গুড়িৰ লগত লোণ মিহলাই তেওঁ নিজে দাঁত ঘঁহা গুড়ি তৈয়াৰ কৰি লৈছিল।
হাত-মুখ ধুই উঠিয়েই তেওঁ বিচনাতে বহি ৰাতিপুৱা প্ৰাৰ্থনা কৰিছিল। ৰাতিপুৱাৰ প্ৰাৰ্থনাত ঘৰৰ পৰিচাৰকসকলে তেওঁৰ লগত যোগ দিছিল। প্ৰাৰ্থনা প্ৰায়েই ঈষোপনিষদৰ শ্লোকেৰে আৰম্ভ কৰিছিল। সপ্তাহত এবাৰ গীতাৰ ওঠৰ আধ্যা পঢ়ি শেষ কৰিব লাগিছিল। তাৰ বাবে তেওঁ নিয়ম বান্ধি দিছিল।
শুক্ৰবাৰ — ১ম আৰু হয় আধ্যা
শনিবাৰ—৩য়, ৪ৰ্থ, ৫ম "
দেওবাৰ—৬ষ্ঠ, ৭ম, ৮ম "
সোমবাৰ — ৯ম, ১০ম, ১১শ, ১২শ আধ্যা
মঙ্গলবাৰ – ১৩শ, ১৪শ, ১৫শ আধ্যা
বুধবাৰ — ১৬শ আৰু ১৭শ আধ্যা
বৃহস্পতিবাৰ—১৮শ আধ্যা
১৫১