সমললৈ যাওক

পৃষ্ঠা:শান্তি-দূত.pdf/১৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
পৰিশিষ্ট
মহাত্মা গান্ধী
 

শিক্ষা আছিল। তাৰ উপৰিও সেই শিষ্টাচাৰ মানুহক দেখুৱাৰলৈ নহয়, আন্তৰিক হব লাগিব এয়ে আছিল তেওঁৰ উপদেশ।

 মহাত্মাই নিজক কেতিয়াও অভ্ৰান্ত বুলি নাভাবিছিল। তেওঁৰ ভুল-ত্ৰুটী নিসঙ্কোচে স্বীকাৰ কৰিছিল। ভুল-ত্ৰুটীৰ মাজেৰেই তেওঁ মানৱতাৰ উৎকৰ্ষ সাধন কৰিছিল। চুপহিৰ ভিতৰত পদুম থকাৰ দৰে ভুল-ত্ৰুটীৰ মাজৰেই তেওঁৰ মহত্ত্ব প্ৰকাশ পাইছিল।

 মহাত্মাৰ চৰিত্ৰ সৰ্ব্ব সাধাৰণৰ বুদ্ধিৰ অগম্য। তেওঁ অহিংসাৰ পূজাৰী; কিন্তু তেওঁ যুদ্ধৰ বাবে সৈন্য সংগ্ৰহ কৰি ইংৰাজ জাতিক সহায় কৰিছিল। নোৱাখালি ভ্ৰমণৰ সময়ত বঙ্গদেশৰ কলিকাতা বিশ্ববিদ্যালয়ৰ অধ্যাপক নিৰ্ম্মল কুমাৰ বসু তেওঁৰ সঙ্গী আছিল। এদিন হঠাতে মহাত্মাজীয়ে নিৰ্ম্মলবাবুক সুধিলে “তুমি মাছ খোৱা নে?”

 নিৰ্ম্মল বাবুৱে কলে- “মহাত্মাজী। মাছ মই খাওঁ; কিন্তু ইয়াত খোৱা নাই।”

 মহাত্মাই সুধিলে—“কেলেই? মনুৱে তোমাক মাছ ৰান্ধি নিদিয়ে নে কি?”

 মনু মহাত্মাজীৰ নাতিনীয়েক। নোৱাখালি ভ্ৰমণৰ শেষৰ ফালে মনু, নিৰ্ম্মল বাবু আৰু পৰশুৰাম নামে এজন তামিল ডেকা তেওঁৰ পৰিচাৰক আছিল।

 নিৰ্ম্মল বাবুৱে কলে— “মহাত্মাজী! সেইটো নহয়। আমি তিনিজনে একেলগে খাওঁ। তেওঁলোক দুজনে মাছ নাখায়;

মই অকলে মাছ খাবলৈ ভাল নালাগে।”

১৪৯