সমললৈ যাওক

পৃষ্ঠা:শান্তি-দূত.pdf/১৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
পৰিশিষ্ট
মহাত্মা গান্ধী
 

লোকসকলক শ্বেতাঙ্গবোৰে কিমান অত্যাচাৰ কৰিলে, কিমান অপমান কৰিলে, কিমান মাৰ-কিল কৰিলে, তাৰ অন্ত নাই। কিন্তু শ্বেতাঙ্গবোৰৰ বিপদৰ সময়ত মহাত্মাজীয়ে নমতাকৈয়ে আগবাঢ়ি গৈ তেওঁলোকক সহায় কৰিছিল। তাকে দেখি জেনেৰেল স্মাটৰ এজন সহকৰ্মীয়ে মহাত্মাজীক কৈছিল—

 “মিঃ গান্ধী! আমি তোমাৰ চেলাবোৰক মুঠেও ভাল নাপাওঁ। সিহঁতক সহায় কৰাৰ আমাৰ মুঠেও ইচ্ছা নাই, কিন্তু তুমি সিহঁতৰ মাজত সোমাই আমাক বৰ লেঠাত পেলাইছা, তুমি আমাক কত বিপদত সহায় কৰিছা! তুমি যে শত্ৰুৰো অনিষ্ট নকৰা।”

 ভাৰততো সেই একে নীতিৰেই তেওঁ বৃটিছৰ লগত যুঁজিছিল। ভাৰতত বৃটিছ শাসনৰ তেওঁ ঘোৰ বিৰোধী; কিন্তু বৃটিছ জাতি তেওঁৰ পৰম বন্ধু আছিল। যেতিয়াই বৃটিছ জাতি বিপদত পৰে, তেতিয়াই তেওঁ সহায় কৰিবলৈ আগবাঢ়ি যায়। মহাৰণৰ সময়ত তেওঁ ৰাজ-প্ৰতিনিধিলৈ এখন চিঠিত লিখিছিল—

 “বৃটিছ আতি যেতিয়া বিপদাপন্ন, তেতিয়া আমি স্বাধীনতাৰ কাৰণে তেওঁলোকৰ লগত টনা-আঁজোৰা কৰাটো অন্যায়। মই যদি দেশবাসীক এই কথা বুজাব পাৰিলোঁহেঁতেন, তেন্তে যুদ্ধৰ সময়ত কংগ্ৰেছৰ উৎসাহ স্থগিত ৰাখিলোঁহেঁতেন।

 তেওঁৰ আইন অমান্য আন্দোলনৰ ইংৰাজী নাম "চিভিল ডিচ-অবিডিয়েন্স'। ইংৰাজী 'চিভিল' শব্দৰ অৰ্থ ভদ্ৰ। ভদ্ৰতা আৰু শিষ্টাচাৰ ৰক্ষা কৰি আমি আইনৰ বিৰুদ্ধে যুঁজিব লাগিব — এয়ে তেওঁক

১৪৮