সমললৈ যাওক

পৃষ্ঠা:শান্তি-দূত.pdf/১৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
পৰিশিষ্ট
মহাত্মা গান্ধী
 

সোঁচৰা ব্যাধিয়ে তেওঁকে৷ আক্ৰমণ কৰিব পাৰে, এই ভয় তেওঁ সমুলি নকৰিছিল।

 এবাৰ গান্ধীজী কোনো বিশেষ জৰুৰী কামৰ কাৰণে হঠাতে কলিকাতাৰ পৰা দিল্লীলৈ যাব লগা হৈছিল । ৰেলত বহুতো সময় লাগে, মানুহে তেওঁক আমনি কৰে, টোপনি খতি কৰায় দেখি তাৰ জনদিয়েক নেতাই গান্ধীজীক উৰা-জাহাজত পঠিয়াবলৈ মন কৰিছিল। তেওঁলোকৰ প্ৰস্তাৱ শুনি গান্ধীজীয়ে কৈছিল— “মই পৃথিবীৰ লগত সম্বন্ধ এৰিব নোৱাৰোঁ। ম‍ই ৰেলেৰেহে যাম।” তেওঁৰ এই উক্তিৰ পৰা মানৱৰ প্ৰতি তেওঁৰ প্ৰেম কিমান গভীৰ আছিল, বুজিব পাৰি। তেওঁৰ মানৱ প্ৰেম আছিল বিশ্ব-ব্যাপক। তেওঁৰ বিশ্বভ্রাতৃত্বৰ বাণীয়ে জগতৰ পশুবলক পৰাজয় কৰিছিল। কোটি কোটি মানুহে তেওঁক ভাল পাইছিল, শ্ৰদ্ধা কৰিছিল, ভয় কৰি নহয় ; তেওঁৰ স্বৰ্গীয় প্ৰেমত মুগ্ধ হৈহে। সম্পত্তি, সৈন্য-বল, মৰণাস্ত্র প্রভৃতি জাগতিক বল তেওঁৰ একো নাছিল; আছিল কেৱল আধ্যাত্মিক বল । তাৰেই তেওঁ জগতক মুগ্ধ কৰিছিল। তেওঁৰ মতে মানৱ প্ৰেমৰ পূৰ্ণাৱস্থাৰ নামেই অহিংসা । এয়ে তেওঁৰ দ্বিতীয় মাহাত্ম্য ।

 মহাত্মাৰ তৃতীয় মাহাত্ম্য খদ্দৰ প্ৰচাৰ । অজি-কালি যন্ত্ৰৰ যুগ । যন্ত্ৰৰ সহায়ত এজন মানুহেই হেজাৰ জনৰ কাম কৰে ৷ কিন্তু এই নীতি যন্ত্ৰৰ লোৰ দৰে নিষ্ঠুৰ। কিয়নো ইয়েই১৪৬