সমললৈ যাওক

পৃষ্ঠা:শান্তি-দূত.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শান্তি-দূত
মহাত্মা গান্ধী
 

হাতত থকা ৰাজহুৱা ধন-ভঁৰালৰ কেতিয়াও তলি উদং হোৱা নাছিল।

 ল'ৰাকালতে গান্ধীজীৰ কোমল মনত মাক-বাপেকৰ ধৰ্ম্ম ভাৱৰ গুটি পৰি গজালি মেলিছিল। কালত সেই গজালিটিয়েই সাৰ-পানী পাই প্ৰকাণ্ড গছ হৈছিল।  ধৰ্ম্মভাৱ আৰু তাৰ ডাল-পাতে ভাৰতবাসীক ছাঁ দিছিল আৰু সুগন্ধি ফুল আৰু মধুৰ ফলে গোটেই জগতবাসীকে তাৰ সোৱাদ বিলাইছিল। বিলাতত তেওঁ গীতা আৰু বাইবেল পঢ়ি তাৰ শিক্ষাৰ সমন্বয় ঘটাবলৈ চেষ্টা কৰিছিল। সেই শিক্ষাৰে আলম লৈ নিজৰ চেষ্টা সংযম আৰু সাধনাৰ বলেৰে কালক্ৰমত জগতৰ এজন শ্ৰেষ্ঠ ধৰ্ম্ম-বীৰ বুলি পৰিগণিত হৈছিল।

 বিলাতৰ পৰা আহিয়েই গান্ধীজীয়ে কিছুদিন বোম্বাই হাইকোটত ওকালতি কৰিছিল। ব্যৱসায়ৰ আৰম্ভনি কিন্তু আন নতুন উকিলৰ দৰে তেৱোঁ আদালতলৈ গৈ টোপনিয়াইছিল; আৰু পুৰণি উকিল সকলৰ জেৰা কৰা শুনি ভেবা লাগি চাই সময় কটাইছিল। মোকৰ্দ্দমা কাচিতহে কেতিয়াবা এটা পাইছিল। তেওঁ লোৱা প্ৰথম মোকৰ্দ্দমাটোতে তেওঁৰ শোচনীয় পৰাজয় হৈছিল। তেওঁ তৰ্ক কৰিবলৈ উঠি ঘেঁহাই ঘেঁহাই অলপ সময় কৈ নিজকে নিজে লাজ পাই আদালত এৰি গুচি আহে। তেওঁৰ এই ব্যৰ্থতাৰ কাহিনীয়ে