সমললৈ যাওক

পৃষ্ঠা:শান্তি-দূত.pdf/১৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শান্তি-দূত
মহাত্মা গান্ধী
 

 তাৰ দিনদিয়েক পাচতে ৩০ জানুৱাৰীত আন এজন পাষণ্ড হিন্দু ডেকাই প্ৰাৰ্থনা সভালৈ যোৱা বাটত দহগজ আঁতৰৰ পৰা মহাত্মাজীক ৰিভলভাৰেৰে চাৰি জাঁই গুলী কৰে। প্ৰথম গুলীতেই মহাত্মাই হে ৰাম! এই শব্দ উচ্চাৰণ কৰি তেজেৰে তুমৰলী হৈ মাটিত ঢলি পৰে। ক্ষন্তেক পিচতে মহাত্মাজীৰ মৃত্যু হয়।
 যি মহামানৱক পৃথিবীৰ সন্ত-দুষ্ট, সভ্য-অসভ্য, জ্ঞানী-মূৰ্খ, যোগী-ঋষি সকলোৱে শ্ৰদ্ধা-ভক্তি কৰিছিল, তেওঁক ভাৰতৰ এজন শিক্ষিত হিন্দু ডেকাই গুলী কৰি মাবিলে। ই ভগবানৰে লীলা ৷শ্ৰীকৃষ্ণই ব্যাধৰ হাতত প্ৰাণ দিছিল। যীশুখৃষ্টই ইহুদীবোৰৰ হাতত প্ৰাণ এৰিছিল। এব্ৰাহাম লিঙ্কনে পিস্তলৰ গুলীত প্ৰাণ এৰিছিল। এই জগতৰ প্ৰায়বোৰ মহামানৱেই আততায়ীৰ হাতত প্ৰাণ এৰা দেখা যায় ৷
 কিন্তু ত্যাগৰ শক্তি অসীম। দধীচি ঋষিৰ মহান ত্যাগৰ ফলত দেৱ-শত্ৰু বৃত্ৰাসুৰৰ মৃত্যু হৈছিল। মহাত্মা গান্ধীৰ পাৰ্থিব ত্যাগে ভাৰতবাসীক দাসত্বৰ পৰা মুক্ত কৰিলে আৰু তেওঁৰ স্বৰ্গীয় আত্মত্যাগে এদিন নিশ্চয় ভাৰতৰ মানুহৰ আসুৰিক বৃত্তিবোৰ ধ্বংস কৰিব।

 বৰ্তমান মহাত্ম৷ গান্ধীৰ নশ্বৰ দেহ আমাৰ মাজত নাই। কিন্তু তেওঁৰ অমৰ আত্মাই ভাৰত-গগনত বিচৰণ কৰিছে।

তেওঁৰ অমৰ বাণীয়ে ভাৰত-গগন প্ৰতিধ্বনিত কৰিব লাগিছে ৷

১৪১