সাম্প্ৰদায়িকতাৰ যি বিষোদ্গীড়ণ হল, তাক দেখি মহাত্মা মৃত-প্ৰায় হল। স্বাধীনতা দিনৰ উৎসৱ পালনৰ লগে লগেই কলিকাতাত ভীষণ মৰামৰি কটাকটি আৰম্ভ হয়। তাৰ ফলত অনেক নিৰ্দ্দোষী লোকৰ প্ৰাণ যায়, অনেক ধন-সম্পত্তি নষ্ট হয়, অনেক ঘৰবাৰী, দোকান-পোহাৰ উচ্ছন্ন হয়। আতঙ্কত কিছুদিনলৈ মানুহে ঘৰৰ বাহিৰ ওলাবলৈ এৰে ৷
এই বাতৰি পাই মহাত্মাজী কলিকাতালৈ যায়। তেওঁ
বেলিয়াঘাটাত আছিল। তেওঁৰ উপস্থিতিত মহাত্মাজীৰ কলিকাতা যাত্ৰা
কলিকাতা অলপ শান্ত মূৰ্ত্তি ধৰি আছিল।
কিন্তু ৩০ আগষ্টত তেওঁ থকা ঠাইৰ
ওচৰতে পুনৰ হিন্দু-মছলমানৰ মৰামৰি কটাকটি আৰম্ভ হয়।
এইবাৰ মৰামৰি হিন্দুৱে প্ৰথম আৰম্ভ কবিছিল। কিছুমান উন্মত্ত
মানুহে আহি আনকি মহাত্মাৰ বহালৈকে খেদি আহিছিল।
মহাত্মাই অনেক বুজাই-বঢ়াই উন্মত্ত মানুহবোৰক শান্ত কৰিব
নোৱাৰি মনৰ দুখত ১লা চেপ্তেম্বৰৰ পৰা মৰণ পণ কৰি অনশন
আৰম্ভ কৰে।
মহাত্মাজীয়ে অনশন আৰম্ভ কৰা শুনি বঙ্গদেশৰ প্ৰধান মন্ত্ৰী,
বঙ্গৰ গভৰ্ণৰ,ৰাজা গোপালাচাৰী আৰু মহাত্মাজীৰ অনশন
প্ৰফুল্ল ঘোষ প্ৰভৃতি লোকসকলে মিলি
কলিকাতা নগৰীৰ শান্তভাৱ অনায়। তেতিয়া মহাত্মাজীয়ে
অনশন ভঙ্গ কৰি দিল্লীলৈ যাত্ৰা কৰে।
১৩৯