কাৰণে সাজু হবলৈ ভৰি দুখন তপত পানীত কিছুপৰ ডুবাই ৰাখি ফাটবোৰত মলম সানিছিল। ইমান কষ্ট কৰিও এদিনলৈকো তেওঁ নিৰ্দ্ধাৰিত ভ্ৰমণৰ কিঞ্চিতো হেৰফেৰ নকৰিছিল। তিনি মাহব্যাপী সেই মহা মানৱৰ অক্লান্ত পৰিশ্ৰম আৰু আশাশুধীয়া চেষ্টাৰ ফলত পূৰ্ব্ববঙ্গৰ ঘিণ লগা হিন্দু মছলম৷নৰ প্ৰকাশ্য বিৰোধ ভাৱ লোপ পাইছিল। হিন্দুবিলাকে সাহস পাইছিল আৰু দুয়ো জাতিৰ মাজত ঘৃণা আৰু হিংসা ভাৱৰ উপশম হৈছিল।
১৯৪৭ চনৰ আদিতে ৰাজপ্ৰতিনিধি লৰ্ড মাউণ্টবেটেনে ভাৰতীয় নেতাসকলে দিয়া স্বাধীনতাৰ ভাৰতৰ স্বাধীনতা লাভ আঁচনি মানি লয়। মহাত্মাৰ উদ্দেশ্য সফল হয়। কিন্তু মহাত্মাই অখণ্ড ভাৰতৰ স্বাধীনতাৰ আকাঙ্ক্ষা কৰিছিল। তেওঁৰ সেই আকাঙ্কা সফল নহল। ভাৰতবৰ্ষ দুভাগ হল। এভাগে ইণ্ডিয়ান ডমিনিয়ন আৰু আন ভাগে পাকিস্তান নাম পালে। ভাৰতৰ মছলমান প্ৰধান অংশ পাকিস্তানৰ অন্তৰ্গত হল আৰু হিন্দু প্ৰধান অংশই ‘ইণ্ডিয়ান ডমিনিয়ন’ নাম পালে। বঙ্গদেশ আক পঞ্জাব ফালি দুফাল হল। পূৰ্ব্ববঙ্গ আৰু পশ্চিম পঞ্জাব পাকিস্তানৰ অন্তৰ্গত হল। ১৯৪৭ চনৰ ১৫ আগষ্টত ইংৰাজে স্বাধীন ভাৰতক শাসন ক্ষমতা হস্তান্তৰ কৰিলে ৷ মহম্মদ আলি জিন্ন৷ পাকিস্তানৰ গভৰ্ণৰ জেনেৰেল হল আৰু লৰ্ড মাউণ্টবেটেন্ ইণ্ডিয়ান ডমিনিয়নৰ গভৰ্ণৰ জেনেৰেল হৈ থাকিল।
ভাৰত স্বাধীন হল হয়; কিন্তু স্বাধীনতা পোৱাৰ পাচতে
১৩৮