সদ্ভাৱ ৰক্ষা কৰিব পাৰে ইত্যাদি বিষয়ে দীঘলীয়া আলোচনা
কৰে; আৰু তাৰ টোকা বৃটিছ মন্ত্ৰীসভালৈ পঠিয়ায়।
তেওঁৰ সেই টোকা পঢ়ি ১৯৪৬ চনৰ ২৪ মাৰ্চত ইংলণ্ডৰ
বনুৱা চৰকাৰৰ প্ৰধান মন্ত্ৰী এটলিয়ে কেবিনেট মিচন
ঘোষণা কৰিলে যে,
ভাৰত শাসন-সমস্যাৰ সিদ্ধান্ত কৰিবলৈ বয়োবৃদ্ধ ভাৰত সচিব পেখিক
লৰেন্সৰ নেতৃত্বত জনদিয়েক মন্ত্ৰী-সভাৰ সদস্যক ভাৰতলৈ পঠোৱা হব।”
সেইমতে ‘মন্ত্ৰী মিচন’ ভাৰতলৈ আহিল। মহাত্ম৷ আৰু
ভাৰতৰ অনেক ৰাজনৈতিক নেতাৰ লগত তেওঁলোকৰ আলাপ-
আলোচনা হল। তেওঁলোকেও ‘দ্বিজাতি তত্ত্ব’ত সন্মত হৈ ভাৰত-
বিভাগৰ সিদ্ধান্ত গ্ৰহণ কৰিলে।
গান্ধীজীয়ে পাকিস্তানৰ প্ৰস্তাৱ সমৰ্থন নকৰাত মছলমান-
বিলাকে ভাবিছিল যে, তেৱেঁহে পাকিস্তানৰ মছলীম লীগৰ ‘সাক্ষাৎ সংগ্ৰাম’
প্ৰধান শক্ৰ। তাকে ভাবি তেওঁলোকে
“লড়কে লেঙ্গে পাকিস্তান” এই ধ্বনি কৰি
গোটেই (Direct action) ভাৰততে হুলস্থূল লগাই দিছিল।
তাৰ ফলত ভাৰতত হিন্দু-মছলমানৰ বিৰোধ ভাৱে ভয়ঙ্কৰ মূৰ্ত্তি
ধাৰণ কৰে। সমগ্ৰ পঞ্জাব, বঙ্গদেশ আৰু অসমক পাকিস্তানৰ
অন্তৰ্ভুক্ত কৰিবলৈ লীগে দাবী জানায়। ফলত ভাৰতৰ নানা
ঠাইত সাম্প্ৰদায়িক কন্দলৰ সৃষ্টি হয়। হিন্দু-মছলম৷নৰ মৰামৰি
কটা-কটি আৰম্ভ হয়। ১৯৪৬ চনৰ ১৬ আগষ্টত কলিকাতাত
১৩৬