যোৱাতকৈও চৰিত্ৰ নষ্ট হোৱাৰ আশঙ্কা কৰি তেওঁক বিলাতলৈ পঠিয়াব নুখুজিছিল কিন্তু গান্ধীজীয়ে বৰকৈ ইচ্ছা কৰাত মাকে তেওঁলোকৰ পৰিয়ালৰ শুভাকাঙ্ক্ষী আৰু পৰামৰ্শদাতা জৈন সন্ন্যাসী এজনৰ মত লয়। সন্ন্যাসীজনে কয়—“মোহনদাসে মদ নাখাওঁ, মাংস নাখাওঁ আৰু তিৰোতাৰ অঙ্গ স্পৰ্শ নকৰোঁ বুলি শপত খালে তেওঁক বিলাতলৈ পঠিয়াব পাৰি।”
সেই মতে গান্ধীজীয়ে মাকৰ চৰণ ছুই এই তিনিটা শপত খায়। তেতিয়াহে মাকে তেওঁক বিলাতলৈ যাবৰ অনুমতি দিয়ে। বিলাতত তেওঁ এই প্ৰতিজ্ঞা অতিশয় নিষ্ঠাৰে আৰু আন্তৰিকতাৰে সৈতে পালন কৰিছিল।
বিলাতত তিনি বছৰ পঢ়ি তেওঁ বাৰিষ্টাৰ হৈ ১৮৯১ চনৰ জুন মাহত ভাৰতলৈ ঘূৰি আহে। তাৰ আগতে তেওঁৰ মাতৃদেৱীৰো মৃত্যু হয়।
সৰুতে গান্ধীজী বৰ লাজকুৰীয়া আছিল। বিলাততো তেওঁ চুচুক-চামাক্কৈহে ফুৰিছিল। তাত তেওঁ অলপ নাচ-গানো শিকিছিল অলপ-অচৰপ ফৰাচী ভাষাও শিকিছিল। তেওঁ মিতাচাৰী আৰু মিতব্যয়ী আছিল। তেওঁ দৈনিক খৰচৰ বিতং হিচাব ৰাখিছিল। এইবোৰ সজ অভ্যাসে তেওঁক ভবিষ্যৎ জীৱনত বৰ সহায় কৰিছিল। ভবিষ্যৎ জীৱনত তেওঁ অনেক ৰাজহুৱা ধনৰ ভঁৰালী আছিল। মিতব্যয়িতাৰ গুণত তেওঁৰ
৮