সমললৈ যাওক

পৃষ্ঠা:শান্তি-দূত.pdf/১৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শান্তি-দূত
মহাত্মা গান্ধী
 

টেলিগ্ৰাম গৈ বৃটিছ সাম্ৰাজ্যৰ প্ৰধান মন্ত্ৰীক অধীৰ কৰি তুলিলে। নানা ঠাইত প্ৰাৰ্থনা সভা বহিল। ষ্টেট কাউঞ্চিলৰ সভ্যসকলে সভা ঘৰলৈ গৈ সভা নাপাতি গুচি আহিল। ৰাজপ্ৰতিনিধিৰ কাৰ্য্যনিৰ্ব্বাহক সভাৰ চাৰ এইচ, পি, মোদী, এন, আৰ চৰকাৰ আৰু এম, এচ, আনে——এই তিনি জন সভ্যই কাম ইস্তফা দি ওলাই আহিল। দক্ষিণ আফ্ৰিকা, আমেৰিকা যুক্তৰাজ্য আৰু ইংলণ্ডৰ অনেক অনুষ্ঠান আক খ্যাতিমন্ত লোকসকলে মহাত্মাৰ প্ৰাণ ৰক্ষাৰ উপায় কৰিবলৈ চৰকাৰক অনুৰোধ জনালে। দিল্লীত সকলো দলৰ প্ৰায় তিনি শ জন নেতা লগলাগি সভা পাতিলে। তাত সোতৰ হাজাৰ মানুহৰ চহীৰে মহাত্মা মুক্তিৰ দাবী জনাই এখন কাকত বিলাই দিলে। সভাই মহাত্মাজীক বিনা সৰ্ত্তে মুক্তি দিবলৈ দাবী কৰিলে। পৃথিবীবাসী সকলো লোকৰে মহাত্মাৰ কাৰণে প্ৰাণে কান্দিলে; কিন্তু বৃটিছ চৰকাৰৰ অন্তৰ নপমিল। সিহঁতে শাসকৰ মৰ্য্যাদা ৰাখিবলৈ গৈ জগতৰ গৰিহণা খালে।
 সি যিহওক, মহাত্মাৰ আধ্যাত্মিক তেজ দেখি যম-ৰজা আৰু তেওঁৰ দূতসকল ভয়তে আঁতৰি গল। তেওঁৰ আত্মিক জয় আৰু মৃত্যুৰ পৰাজয় দেখি চিকিৎসক সকল বিস্ময়ত অভিভূত হল। ডাক্তাৰি শাস্ত্ৰৰ জ্ঞানে তেওঁৰ অলৌকিক ক্ষমতাৰ মাহাত্ম্য ঢুকি নাপালে।

 মহাত্মাজীয়ে জীবন-মৰণ সমস্যা উত্তীৰ্ণ হৈ ৩ মাৰ্চত অনশন

১৩১