সমললৈ যাওক

পৃষ্ঠা:শান্তি-দূত.pdf/১৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শান্তি-দূত
মহাত্মা গান্ধী
 

 ১৯৪৩ চনৰ ১০ ফেব্ৰুৱাৰীত চৰকাৰে ৰাইজক জানিবলৈ দিয়ে যে,⸺

 “মহাত্মাই আজিৰ পৰা ২৯ দিনলৈ অনশন আৰম্ভ কবিছে। ২ মাৰ্চত ব্ৰত ভঙ্গ কৰিব। চৰকাৰে শান্তমূৰ্তি ধৰিলে তাৰ আগতেও ব্ৰত ভঙ্গ কৰিব পাৰে। আমি গান্ধীজীৰ ব্ৰত ভঙ্গ কৰাব নোৱাৰোঁ। চৰকাৰৰ ইচ্ছা যে, তেওঁ বন্দী অৱস্থাৰ পৰা মুক্ত হৈ নিজৰ ব্যৱস্থাত অনশন কৰক। চৰকাৰে স্পষ্টকৈ ৰাইজক জনায় যে,এই অনশন আৰু তাৰ শেষ ফলৰ দায়িত্ব সম্পূৰ্ণ তেওঁৰ।”

 চৰকাৰে মহাত্মাক জনায় যে,
 “চৰকাৰে আপোনাক অনশন কালৰ কাৰণে মুক্তি দিব খোজে।”
 মহাত্মাই লিখে যে,
 “তেওঁৰ তেনে ইচ্ছা সমূলি নাই।”

 তেতিয়া চৰকাৰে মহাত্মাৰ বন্ধু-বান্ধৱ, আত্মীয়-স্বজন আটাইকে মহাত্মাৰ ওচৰলৈ যাবৰ অনুমতি দিয়ে। ডাক্তাৰ বিধানচন্দ্ৰ ৰায়, ডাক্তাৰ গিল্ডাৰ আৰু মেজৰ জেনেৰেল কান্দি প্ৰভৃতি ডাক্তাৰসকলৰ এটা সন্মিলনে দিনে মহাত্মাৰ শাৰীৰিক অৱস্থাৰ কথা ৰজাঘৰ আৰু ৰাইজক জনাই উৎকণ্ঠা দুৰ কৰে ৷

মহাত্মাৰ অনশনৰ ফলত গোটেই পৃথিবীত যেন অগ্নিবৃষ্টিহে হল। ভাৰতৰ সকলো অনুষ্ঠানৰ পৰা  অনশনৰ প্ৰতিক্ৰিয়া টেলিগ্ৰাম গৈ ভাৰত চৰকাৰৰ দপ্তৰ

বুৰাই পেলালে ৷ পৃথিবীৰ আন আন ভাগৰ পৰা অসংখ্য

১৩০