এই কাৰ্য্যৰ দ্বাৰা আপুনি বৃটিছ জাতিৰ সুনাম নষ্ট কৰিছে। গতিকে জাতিৰ সম্মানৰ কাৰণে আপোনাক আপোনাৰ পদ এৰি দিবলৈ মই উপদেশ দিওঁ।
কংগ্ৰেচে এই প্ৰস্তাৱ লোৱাৰ উদ্দেশ্য আছিল চৰকাৰৰ মনোযোগ আকৰ্ষণ কৰিবৰ জোখাৰে জাতিয়ে যথেষ্ট ত্যাগ কৰিবলৈ প্ৰস্তুত হৈছে নে নাই বুজিবলৈ; আৰু আন্দোলন কিমান জন-প্ৰিয় হৈ উঠিছে তাৰ পৰিমাণ কৰিবলৈ। বুজা গৈছে যে, আন্দোলনে ভাৰতবাসী সকলোৰে অন্তৰ স্পৰ্শ কৰিছে; যদি আমাৰ উদ্দেশ্য সিদ্ধিৰ কিবা অলপ বাকী আছিলোঁ, তাকো আপোনাৰ চৰকাৰৰ কাৰ্য্যই সাধন কৰিছে। এইৰূপ জনপ্ৰিয় আন্দোলন দমাবলৈ আপোনালোকে মিছাকে অস্ত্ৰৰ অপব্যৱহাৰ কৰিছে। ইয়াক কেতিয়াও বন্ধ কৰিব নোৱাৰে।”
মহাত্মাৰ এই চিঠি জগতক জানিবলৈ নিদি চৰকাৰে লুকাই ৰাখিছিল।
ইয়াৰ পাচতে চৰকাৰৰ প্ৰত্যেকটো অভিযোগৰ যুক্তিপূৰ্ণ ব্যাখ্যা কৰি শাসননীতিৰ পৰিবৰ্ত্তন কৰিবলৈ অনুৰোধ কৰি মহাত্মাই ৰাজ প্ৰতিনিধিলৈ কেবাখনো চিঠি লিখিছিল। কিন্তু তাৰ একো ফল নধৰাত ছমাহৰ পাচত ভগবানৰ আদালতত ন্যায় প্ৰাৰ্থনা জনাবলৈ মহাত্মাই অনশন ব্ৰত লয়।
মহাত্মাই অনশন কৰিম বুলি চৰকাৰক জনোৱাত চৰকাৰে মহাত্মাক জনায় :— মহাত্মাৰ অনশন
“আমাৰ নীতি-শুধৰণিৰ কাৰণে আপোনাক আমি অনশন কৰিবলৈ কোৱা নাই। যদি ভবিষ্যতে কিবা বিপদ ঘটে তেন্তে তাৰ বাবে চৰকাৰ দায়ী নহয়।”
১২৯