সমললৈ যাওক

পৃষ্ঠা:শান্তি-দূত.pdf/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শান্তি-দুত
মহাত্মা গান্ধী
 


চেক্ৰেটৰী মহাদেৱ দেশাইৰ তাতে মৃত্যু হয়। এই ঘটনাই মহাত্মাজীক মৰণান্তিক দুখ দিয়ে। দেশাই  মহাদেব দেশাইৰ মৃত্যু এজন অতি সাধু পুৰুষ আছিল আৰু যোৱা পঁচিশ বছৰ মহাত্মাৰ ছায়াৰ দৰে লগে লগে ফুৰিছিল। তেওঁ এজন উকিল আছিল। মহাত্মা দক্ষিণ আফ্ৰিকা এৰি অহাৰে পৰা তেওঁ ওকালতি এৰি মহাত্মাৰ লগ লাগে আৰু সবৰমতী আশ্ৰমৰ সেৱক হয়। তেওঁ এজন সুশিক্ষিত, বুদ্ধিমান আৰু সৰ্ব্বত্যাগী পুৰুষ আছিল। মহাত্মাৰ লগত তেওঁৰ ইমান সদ্ভাৱ আছিল যে, তেওঁ মহাত্মাৰ অন্তৰ্নিহিত ভাৱৰো সন্ধান পাইছিল।

 বন্দী হোৱাৰ পঞ্চম দিন। মহাত্মাই ৰাজপ্ৰতিনিধি লৰ্ড লিন্লিথ্গোলৈ এখন চিঠি লিখিছিল।  মহাত্মাৰ চিঠি তাৰ মৰ্ম্ম এই :—

 "আপোনাৰ চৰকাৰে 'কুইট ইণ্ডিয়া' প্ৰস্তাব অনুযায়ী কাৰ্য আৰম্ভ কৰাৰ আগলৈকে অন্ততঃ দেশত জুই লগাবলৈ বাট চাব লাগিছিল। আমিতো লুকাই প্ৰস্তাৱ কৰা নাছিলোঁ আৰু মোৰ পূৰ্ব্বাপৰ ৰীতি অনুযায়ী আপোনাক প্ৰতিকাৰৰ প্ৰাৰ্থনা জনাই তাৰ ফল নাপালেহে কাৰ্য্য আৰম্ভ কৰিলোঁহেঁতেন। আপোনাৰ এই অনাগত বিপদৰ আশঙ্কাৰ পৰা এইটো প্ৰমাণ পাইছে যে, আমাৰ প্ৰস্তাৱে গোটেই পৃথিবীৰ সমৰ্থন পাব বুলি আপুনি ভয় খাইছে। আমি যি কৰিব খুজিছিলোঁ, তাক অহিংস উপায়েহে কৰিলোঁহেঁতেন। তাত আপোনাৰ ইমান ভয় খাবৰ কি কাৰণ আছিল?

১২৮