মহাত্মাই কয় :—
'ভাৰতৰ এই দুৰ্য্যোগৰ সময়ত ভাৰতবাসী হাত সাবটি বহি থকাটো ঘোৰ অন্যায় হব। এই যুদ্ধত আমি ধন দি সহায় কৰিলেই আমাৰ কৰ্ত্তব্যৰ ওৰ নপৰিব। আমি নিজে শত্ৰুৰ লগত যুঁজি আমাৰ মনৰ দৃঢ়তা আৰু সাহসৰ পৰিচয় দিব লাগিব। আমি নিজে যুঁজি আমাৰ স্বাধীনতা ৰক্ষা কৰিম। স্বাধীনতা আকাশৰ পৰা নপৰে। আৱশ্যক হলে আমি যুদ্ধ কৰিও স্বাধীনতা অৰ্জ্জন কৰিব লাগিব।
বৃটিছ জাতিৰ ওপৰত আমাৰ অকণিও ঘৃণা নাই। তেওঁলোক আমাৰ বন্ধু। মোৰ দুখ এই যে, এই কথা আজি ইমান দিন কৈ-থাকিয়ে। তেওঁলোকক বুজাব নোৱাৰিলোঁ। কিন্তু তেওঁলোক এতিয়া এটা অতি দ গাঁতৰ কাণত উপস্থিত হৈছে। গতিকে খং কৰি মোৰ হাতখন তেওঁলোকে কাটিলেও মই তেওঁলোকক বন্ধুভাৱে গাঁতৰ কাণৰ পৰা টানি আঁতৰাবলৈ হাত আগ বঢ়াবই লাগিব। কিন্তু মই মোৰ দেশবাসীক সাৱধান কবি কওঁ যে, এই প্ৰস্তাৱৰ প্ৰতিক্ৰিয়া অতি ভীষণ হব। তেতিয়া যেন কোনোৱে হিংসা ভাৱৰ আশ্ৰয় লৈ আমাৰ পবিত্ৰ আন্দোলন অপবিত্ৰ নকৰে। তেনে ঘটনা ঘটিলে মোক জীবিত অৱস্থাত পোৱা টান হব।”
পিচদিনা ৮ আগষ্টত এই প্ৰস্তাৱ পাচ হয়। মুঠে তেৰ জন সভ্যই এই প্ৰস্তাৱৰ বিপক্ষে ভোট দিছিল। এই প্ৰস্তাৱৰ নকল আমেৰিকা যুক্তৰাজ্যৰ সভাপতি ৰুজভেল্ট, চীনৰ জাতীয় চৰকাৰৰ সভাপতি মাৰ্চাল চিয়াংকাইচেক, ৰাচিয়াৰ লণ্ডনত থকা সাম্ৰাজ্য দূত আৰু ভাৰত চৰকাৰলৈ পঠোৱা হয়।
৮ আগষ্টত ভাৰত চৰকাৰে ঘোষণা কৰে :-
১২৬