সমললৈ যাওক

পৃষ্ঠা:শান্তি-দূত.pdf/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শান্তি-দুত
মহাত্মা গান্ধী
 

জাপানৰ হাতলৈ যায়। ইয়াৰ প্ৰতিকাৰ যদি কিবা কৰিব পৰা হলহেঁতেন, নেতাসকল জেলত সোমাই থকা কাৰণে একো কৰিব পৰা নাই ৷
 ভাৰতীয় নেতাসকলৰ এনে ভাৱ বুজি ১৯৪১ চনৰ শেষ ভাগত চৰকাৰে প্ৰায় সকলো ৰাজনৈতিক বন্দীকে মুক্তি দিয়ে।
 এনেতে বৃটিছ সাম্ৰাজ্যৰ প্ৰধান মন্ত্ৰী চাচিলে ঘোষণা কৰে যে, “ইংলণ্ডৰ সমাজ-তন্ত্ৰী নেতা চাৰ ষ্টাফোৰ্ড ক্ৰিপ্‌চে  ক্ৰিপচৰ দৌত্য ৰুচিয়াৰ লগত ইংলণ্ডৰ ৰাজনৈতিক মন্ত্ৰণাত কৃতকাৰ্য্য হৈ অহাৰ পাচত নতুনকৈ গঠিত হোৱা ইংলণ্ডৰ মন্ত্ৰীসভাত তেওঁক ‘লৰ্ড প্ৰিভিশীল” কৰি লোৱা হৈছে। অতীতত তেওঁ ভাৰতবাসীৰ মঙ্গলাকাঙ্ক্ষী লোক ৷ তেওঁক ভাৰতৰ ভবিষ্যৎ শাসন প্ৰণালীৰ ব্যবস্থা লগাবলৈ আলোচনাৰ কাৰণে অলপতে ভাৰতলৈ পঠোৱা হব।”
 ১৯৪২ চনৰ ২৩ মাৰ্চত ক্ৰিপচ চাহাব আহি দিল্লীত উপস্থিত হল। তেওঁ আহিয়েই ঘোষণা কৰিলে  ক্ৰিপচৰ ব্যৰ্থতা যে,⸺

 “ভাৰতক দিম বোলা স্বায়ত্ত্বশাসন সকলো দলক সম্মত কৰি কাৰ্য্যত পৰিণত কৰাই তেওঁৰ ভাৰতাগমনৰ উদ্দেশ্য ৷”
 নেতাসকলৰ লগত ক্ৰিপচৰ অন্কে দীঘলীয়া আলোচনা হল। কংগ্ৰেচৰ সভাপতি পণ্ডিত জ্হৰলালে তেওঁৰে সৈতে

অনেক চিঠি-পত্ৰ লিখা লিখি কৰিলে আৰু দেখা হৈ অনেক

১২২