সমললৈ যাওক

পৃষ্ঠা:শান্তি-দূত.pdf/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শান্তি-দূত
মহাত্মা গান্ধী
 

 ১৯৩৯ চনৰ জুলাই মাহত মহাত্মা গান্ধীয়ে পৃথিবীত পুনৰ ৰণৰ অগনি নজ্বলাবলৈ অনুৰোধ কৰি হাৰ হিটলাৰলৈ এখন চিঠি দিয়ে।হিটলাৰলৈ মহাত্মাৰ চিঠি

 ১৯৪০ চনৰ মাৰ্চ মাহত মছলীম লীগে ঘোষণা কৰিলে যে, কংগ্ৰেচ কেৱল হিন্দুৰ প্ৰতিষ্ঠান। কংগ্ৰেচে যে মছলমানৰ স্বাৰ্থৰক্ষামছলীম লীগৰ ঘোষণা নকৰে, কংগ্ৰেচী মন্ত্ৰী সভাই তাৰ প্ৰমাণ। গতিকে আমাক মছলীম প্ৰধান দেশখিনিৰে গঠিত 'পাকিস্তান' লাগে। পাকিস্তান দিলেহে আমি যুদ্ধ সমৰ্থন কৰিম।

 এই সম্পৰ্কে মহাত্মা আৰু জিন্না চাহাৰ অনেক চিঠি-পত্ৰ লিখা-লিখি হল। তাৰ পিচত দুয়ে৷ লগ লাগি ওঠৰদিন ক্ৰমান্বয়ে আলোচনা কৰিলে। চাৰ তেজ বাহাদুৰ চাপ্ৰুৱে কংগ্ৰেচ আৰু লীগৰ সহযোগৰ কাৰণে অনেক চেষ্টা কৰিলে। কিন্তু তেওঁলোকৰ সকলো চেষ্টা অথলে গল। জিন্না চাহাবে ওজস্বিনী ভাষাৰে দাবী কৰিলে—

 "মছলমানবিলাক এটা সুকীয়া জাতি। তেওঁলোকৰ তেজ, ভাষা, ধৰ্ম্ম আৰু সংস্কৃতি সম্পূৰ্ণ সুকীয়া। গতিকে তেওঁলোকে নিজৰ জাতিৰ স্বাধীনতাৰ দাবী জনাবলৈ অকাট্য যুক্তি আছে। কংগ্ৰেচ আন্দোলন সকলো ভাৰতীয় লোকৰ স্বাধীনতাৰ আন্দোলন নহয়। কংগ্ৰেচৰ লগত মছলগানবিলাক লগ লগাৰ ধুৰূপ ফল হিন্দু-আধিপত্যৰ প্ৰতিষ্ঠা। গতিকে পাকিস্তানৰ দাবী মছলীম জাতিৰ স্বাধীনতাৰ দাবী।"

১১৮