এই সময়তে মহাত্মাই সবৰমতী আশ্ৰমৰ ঘৰ-বাৰী হৰিজন
সংঘক দান কৰে ৷
তেতিয়া কংগ্ৰেচ প্ৰায় নিৰ্জ্জীৱ। নেতাসকল জেলত;
কৰ্ম্মীসকল চৰকাৰৰ দমন নীতিৰ প্ৰকোপত পেপুৱ৷।
সেই সময়তে বিলাতত আৰু এখন তৃতীয় মেজমেল বহুৱায়।
সেই মেলত কংগ্ৰেচকতো বাদ দিছিলেই, তৃতীয় মেজ-মেল
মছলীম লীগৰ নেতা মহম্মদ আলি জিন্না
চাহাবকো নিমন্ত্ৰণ কৰা নাছিল। উদাৰনৈতিক দলৰ নেতা
শ্ৰীনিবাস শাস্ত্ৰী আৰু চি, ওৱাই, চিন্তামনিকো মতা নাছিল।
চাৰ তেজ বাহাদুৰ চাপ্ৰুৱে চৰকাৰৰ এই নীতিৰ প্ৰতিবাদ
কৰিছিল; কিন্তু চৰকাৰে তালৈ সম্পূৰ্ণ আওকাণ কৰিছিল।
বিলাতত পাঁচ সপ্তাহ জুৰি মেজ-মেলৰ আলোচনা হল; কিন্তু
সেইবোৰ আলোচনাই অযথা কাৰ্য্য-বিবৰণীৰ স্তূপহে তৈয়াৰ
কৰিলে।
১৯৩৫ চনৰ বোম্বাই অধিবেশনত মহাত্মাই কংগ্ৰেচক পুনৰ্জ্জীৱিত কৰিবৰ মনেৰে তাৰ গঠন প্ৰণালীৰ অনেক পৰিবৰ্ত্তন কৰে; কংগ্ৰেচৰ পৰা অৱসৰ গ্ৰহণ কিন্তু নিজে কংগ্ৰেচৰ পৰা আঁতৰি থাকিবলৈ সিদ্ধান্ত কৰে। আন কি চাৰি অনীয়া সভ্যৰ তালিকাৰ পৰাও তেওঁৰ নাম উঠাই লয়। তেতিয়াৰ পৰা তেওঁ কংগ্ৰেচৰ বন্ধু,
তত্ত্বাৱধাৰক আৰু উপদেষ্টাহে; কংগ্ৰেচ-কৰ্ম্মী নহয়।
১১২