সমললৈ যাওক

পৃষ্ঠা:শান্তি-দূত.pdf/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শান্তি-দূত
মহাত্মা গান্ধী
 

কৰিলে। ভাৰতৰ পৰা বৃটিছ সাম্ৰাজ্যৰ প্ৰধান মন্ত্ৰীক এই চুক্তি-পত্ৰ গ্ৰহণ কৰিবলৈ অনুৰোধ কৰি শই শই টেলিগ্ৰাম গল। ২৬ চেপ্তেম্বৰত প্ৰধান মন্ত্ৰীয়ে সেই চুক্তিত সন্মতি জনাই পুনৰ ঘোষণা কৰিলে। তেতিয়াহে মহাত্মাই অনশন ভঙ্গ কৰিলে। এই চুক্তিপত্ৰৰ নাম পুনা পেক্ট।

 ৩০ চেপ্তেম্বৰৰ পৰা মহাত্মাৰ অবাধ দৰ্শন চৰকাৰে বন্ধ কৰিলে। কিন্তু ৪ নবেম্বৰৰ পৰা চৰকাৰে মহাত্মাক জেলৰ ভিতৰৰ পৰাই অস্পৃশ্যতা নিবাৰণৰ কাৰ্য্য কৰি থাকিবলৈ অনুমতি দিলে ৷অস্পৃশ্যতা নিবাৰণৰ কাৰণে ভাৰতৰ হিন্দুজাতিক সজাগ আৰু সচেতন কৰিবৰ মনেৰে ১৯৩৩ চনৰ ৮ মেইৰ পৰা পুনৰ মহাত্মাই ২১ দিনলৈ অনশন কৰিলে। এইবাৰ চৰকাৰে মহাত্মাৰ জীৱনৰ দায়িত্ব লবলৈ ভয় কৰি জেলৰ পৰা মুক্তি দিলে।

 মহাত্মাৰ এই অনশনৰ ফলত স্পৃশ্য-অস্পৃশ্যৰ বিভেদৰ কঠোৰতা অনেক কমিল। অস্পৃশ্য সকলে মন্দিৰ-প্ৰবেশৰ সুবিধা পালে।

 জেলৰ পৰা মুক্ত হৈ গান্ধীজীয়ে ছয় সপ্তাহ আইন অমান্য আন্দোলন স্থগিত ৰাখিছিল। জুলাই মাহত পুনাত কংগ্ৰেচৰ কাৰ্য্যনিৰ্ব্বাহক সভা বহিল। তাত প্ৰস্তাৱ পাচ হল যে,জন-

সাধাৰণৰ আইন অমান্য আন্দোলন অনিৰ্দিষ্ট কাললৈ স্থগিত

১১০