এই প্ৰস্তাৱ পাই পুনৰ ধৰাধৰি-মৰামৰি আৰম্ভ হল। ১৯৩২ চনৰ ৪ জানুৱাৰীৰ ৰাতি ৩ বজাত বোম্বাইৰ মণি-ভৱনত শুই থকা মহাত্মাজীক টোপনিৰ পৰা জগাই বন্দী কৰে। সিদিনাই কংগ্ৰেচৰ কাৰ্য্যনিৰ্ব্বাহক সভাৰ সভাপতি চৰ্দ্দাৰ বল্লভ ভাই পেটেলকো বন্দী কৰে। দয়োকো য়াৰভাদা জেললৈ লৈ যায়। ৫ জানুৱাৰীত কলিকাতাত সুভাষচন্দ্ৰ বসুক আৰু পাটনাত বাবু ৰাজেন্দ্ৰ প্ৰসাদক বন্দী কৰে। ৰাজেন্দ্ৰ প্ৰসাদ সেই বছৰৰ কংগ্ৰেচৰ সভাপতি নিৰ্বাচিত হৈছিল। তেওঁক বন্দী কৰাত ডাক্তাৰ আনচাৰিক সভাপতি পাতে ৷ ৮ তাৰিখে দিল্লীত তেওঁকো বন্দী কৰি কংগ্ৰেচ কাৰ্য্যনিৰ্ব্বাহক সভাক বে- আইনী প্ৰতিষ্ঠান বুলি ঘোষণা কৰে। ইয়াৰ পাচত ক্ৰমান্বয়ে প্ৰায়বোৰ জন নেতাকে বন্দী কৰি জেলত থয়। ৰাজবন্দীৰে জেলবোৰ ভৰি পৰে।
১৯৩২ চনৰ ১৭ আগষ্টত বিলাতত প্ৰধান মন্ত্ৰীয়ে ভাৰতৰ অস্পৃশ্যসকলে নতুন শাসন সংস্কাৰত সুকীয়া নিৰ্ব্বাচন পাব ঝুলি ঘোষণা কৰে। মহাত্মাই আজীৱন যুটীয়া নিৰ্ব্বাচনৰ চেষ্টা কৰি আহিছিল। প্ৰধান মন্ত্ৰীয়ে ঘোষণা কৰা নীতিয়ে অস্পৃশ্যতা ভাৰতত সদায় সজীৱ কৰি ৰাখিব দেখি মহাত্মাই কৈছিল⸺
“অস্পৃশ্যতা বাচি থকাতকৈ হিন্দুধৰ্ম্ম লোপ পোৱাই ভাল। মই
অস্পৃশ্যতা নিবাৰণৰ কাৰণে এতিয়ালৈকে চেষ্টা কৰি আহিছোঁ; আমৰণ
১০৮