পণ্ডিত জহৰলাল আৰু চেৰওৱানী, মহাত্মাক লগ ধৰিবলৈ বোম্বাইলৈ গৈছিল। ২৬ ডিচেম্বৰত বাটতে তেওঁলোকক বন্দী কৰে। তেওঁলোকক লৰালৰিকৈ বিচাৰ কৰি বহুদিনলৈ ফাটক দিয়ে। বোম্বাইত মহাত্মাক অভ্যৰ্থনা জনাবলৈ অসংখ্য লোক লগ লাগিছিল। পুলিচে তেওঁলোকক ছত্ৰভঙ্গ কৰি দি কেবাজন নেতাকো বন্দী কৰে। সিদিনা খৃষ্টানসকলৰ বৰদিন পৰ্ব্ব। মহাত্মাজীয়ে জাহাজৰ পৰা নামি বন্ধু-বান্ধৱক কয়⸺
“লৰ্ড উইলিংডনৰ এইবোৰ মোলৈ বৰদিনৰ উপহাৰ ৷”
২৯ ডিচেম্বৰত বোম্বাইৰ পৰা মহাত্মাই ৰাজ-প্ৰতিনিধিক তাঁৰ কৰি সোধে⸺
“এইবোৰ বন্ধুত্বৰ চিন নে কি? মই কংগ্ৰেচক কোন বাটেদি লৈ যাম⸺উপদেশ দিব।”
উত্তৰত লৰ্ড উইলিংডনে মেজ-মেলৰ কাৰ্য্যাৱলী আৰু কংগ্ৰেচৰ কাৰ্য্যপ্ৰণালীৰ আলোচনা কৰিবলৈ মহাত্মাক মাতি পঠায়; কিন্তু জৰুৰী আইনবোৰ সম্পৰ্কে কোনো কথা পাতিবলৈ অসম্মতি জনায়।
এই টেলিগ্ৰাম পোৱাৰ পাচতে কংগ্ৰেচৰ কাৰ্য্য-নিৰ্ব্বাহক সভা বহে। তাত প্ৰস্তাৱ পাচ হয় ঃ—
“কংগ্ৰেচৰ লগত চৰকাৰৰ বন্ধুত্ব স্থাপনৰ আগ্ৰহ সম্পূৰ্ণ মৌখিক, প্ৰধান মন্ত্ৰীৰ স্বৰাজ-ঘোষণা বৰশীৰ টোপৰ দৰে। গতিকে পুনৰ আইন-
অমান্য আন্দোলন আৰম্ভ কৰিবলৈ ৰাইজৰ সহযোগ আহ্বান কৰা হল।”
১০৭