মহাত্মাৰ এই শেষ বক্তৃতা শুনি ৰাজকৰ্ম্মচাৰী সকলৰ মন
এঙালে। কংগ্ৰেচৰ লগত আপোচ
নহল। গান্ধীজীৰ বিলাতযাত্ৰা মহাত্মা ইংলণ্ডত বাৰ সপ্তাহ
আছিল। এই বাৰ সপ্তাহ তেওঁ যে কেৱল মেজ-মেলতেই
লাগি আছিল, এনে নহয়, তেওঁ ইংলণ্ডৰ অনেক ঠাই ফুৰিছিল
আৰু অনেক অনুষ্ঠানত বক্তৃতা দিছিল। ইংলণ্ডৰ চৰকাৰী-
বেচৰকাৰী অনেক ডাঙৰ লোকৰ লগত দেখা কৰি ভাৰতবাসীৰ
আশা আৰু আকাঙ্ক্ষাৰ কথা জনাইছিল। সম্ৰাট পঞ্চম জৰ্জে
বাকিংহাম পেলেচত মেজ-মেলৰ প্ৰতিনিধিনকলক এখন চাহ-
মেলেৰে আপ্যায়িত কৰিছিল। মহাত্মাই আঁঠুমূৰীয়া চুৰিয়া
পিন্ধি উদং গাৰে, উদং মূৰে তাত যোগ দিছিল। ৰজা-ৰাণীয়ে
মহাত্মাক সন্মানিত অতিথিৰ দৰে অভ্যৰ্থনা কৰি সসন্মানে কথা
পাতিছিল।
গান্ধীজী ইংলণ্ডৰ বস্ত্ৰ-শিল্পৰ কেন্দ্ৰ মাঞ্চেষ্টাৰ আৰু
লাঙ্কাছায়াৰলৈকো গৈছিল। তাৰ মিল-মালিক আৰু বনুৱা-
সকলৰ লগত মহাত্মাৰ বন্ধুভাৱে অনেক কথা-বাৰ্তা হৈছিল।
ভাৰতত বিলাতি-বস্ত্ৰ-বৰ্জ্জন আন্দোলনৰ ফলত তাত উদ্ভৱ হোৱা
নিবনুৱা সমস্যা আৰু গুদাম ভৰা কাপোৰবোৰ দেখুৱাই
তেওঁলোকে দুখ কৰিছিল। মহাত্ম৷ই তাৰ উত্তৰত কৈছিল—
“ইংৰাজ জাতিৰ স্বদেশ-প্ৰেম আৰু জাতীয় শিল্পৰ সমাদৰ যেনে
প্ৰশংসাৰ যোগ্য, ভাৰতবাসীৰো স্বদেশ প্ৰেম আৰু স্বদেশী শিল্পৰ সমাদৰ
১০৪