সমললৈ যাওক

পৃষ্ঠা:শান্তি-দূত.pdf/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শান্তি-দূত
মহাত্মা গান্ধী
 

 মহাত্মাৰ এই শেষ বক্তৃতা শুনি ৰাজকৰ্ম্মচাৰী সকলৰ মন এঙালে। কংগ্ৰেচৰ লগত আপোচ নহল। গান্ধীজীৰ বিলাতযাত্ৰা মহাত্মা ইংলণ্ডত বাৰ সপ্তাহ আছিল। এই বাৰ সপ্তাহ তেওঁ যে কেৱল মেজ-মেলতেই লাগি আছিল, এনে নহয়, তেওঁ ইংলণ্ডৰ অনেক ঠাই ফুৰিছিল আৰু অনেক অনুষ্ঠানত বক্তৃতা দিছিল। ইংলণ্ডৰ চৰকাৰী- বেচৰকাৰী অনেক ডাঙৰ লোকৰ লগত দেখা কৰি ভাৰতবাসীৰ আশা আৰু আকাঙ্ক্ষাৰ কথা জনাইছিল। সম্ৰাট পঞ্চম জৰ্জে বাকিংহাম পেলেচত মেজ-মেলৰ প্ৰতিনিধিনকলক এখন চাহ- মেলেৰে আপ্যায়িত কৰিছিল। মহাত্মাই আঁঠুমূৰীয়া চুৰিয়া পিন্ধি উদং গাৰে, উদং মূৰে তাত যোগ দিছিল। ৰজা-ৰাণীয়ে মহাত্মাক সন্মানিত অতিথিৰ দৰে অভ্যৰ্থনা কৰি সসন্মানে কথা পাতিছিল।
 গান্ধীজী ইংলণ্ডৰ বস্ত্ৰ-শিল্পৰ কেন্দ্ৰ মাঞ্চেষ্টাৰ আৰু লাঙ্কাছায়াৰলৈকো গৈছিল। তাৰ মিল-মালিক আৰু বনুৱা- সকলৰ লগত মহাত্মাৰ বন্ধুভাৱে অনেক কথা-বাৰ্তা হৈছিল। ভাৰতত বিলাতি-বস্ত্ৰ-বৰ্জ্জন আন্দোলনৰ ফলত তাত উদ্ভৱ হোৱা নিবনুৱা সমস্যা আৰু গুদাম ভৰা কাপোৰবোৰ দেখুৱাই তেওঁলোকে দুখ কৰিছিল। মহাত্ম৷ই তাৰ উত্তৰত কৈছিল—
 “ইংৰাজ জাতিৰ স্বদেশ-প্ৰেম আৰু জাতীয় শিল্পৰ সমাদৰ যেনে

প্ৰশংসাৰ যোগ্য, ভাৰতবাসীৰো স্বদেশ প্ৰেম আৰু স্বদেশী শিল্পৰ সমাদৰ

১০৪