সমললৈ যাওক

পৃষ্ঠা:শান্তি-দূত.pdf/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শান্তি-দূত
মহাত্মা গান্ধী
 

তেওঁলোকক হিন্দুসমাজৰ পৰা ফালি এটা সুকীয়া সমষ্টি গঠন কৰিব নোৱাৰিব। ব্যৱস্থাপক সভাত মনোনীত সভ্যই ঠাই পাব নালাগিব ইত্যাদি।”
 মহাত্মাই গালে-বালে ঢেৰ; কিন্তু সকলো খোলাকটিৰ তাল হল। বৃটিছ মন্ত্ৰীসভাই ভাৰতক স্বৰাজ দিব খোজে; কিন্তু স্বৰাজৰ ৰূপ কেনে হব, তাকে তেওঁলোকে স্পষ্টকৈ কব নোৱাৰে ৷ কেৱল কথাৰ মেৰ-পাক আৰু ৰাজনীতিৰ তৰ্ক- জাল সৃষ্টি কৰি সময় নষ্ট কৰা দেখি মহাত্মাই কৈছিল—

 “মই বৃটিছ মন্ত্ৰীসভাৰ ওপৰত অভিযোগ কৰি কওঁ যে, তেওঁলোকে আমাক কি দিব খুজিছে, সেইটো অস্পষ্ট। নিৰ্দিষ্ট কোনো প্ৰস্তাৱ নাপালে আমি উমানতে মতামত দিব নোবাৰোঁ ৷ আমাক কি লাগে, সেইটো যেনে স্পষ্ট আমাক কি দিব খুজিছে সেইটোৱো তেওঁলোকৰ পৰা আমি স্পষ্টকৈ জানিলেহে কথাৰ মীমাংসা হব পাৰে। আমি অত দিনে আন্ধাৰত খেপিয়াই আমাৰ মূল্যৱান সময় নষ্ট কৰিলোঁ। সামাৰ্জ্যৰ কৰ্ণধাৰ সকলৰ দৰে আমাৰো সময়ৰ মূল্য আছে। সাধাৰণ একোটা কথাতে লাগি থাকি আমাৰ মূল্যবান সময় নষ্ট কৰিবলৈ বিলাতলৈ মই অহা নাই। আপোনালোকে ভাৰতীয় স্বৰাজৰ যি নামেই দিয়ক, ভাৰতে প্ৰকৃত স্বাধীনতা পাব লাগিব— এয়েই কংগ্ৰেচৰ মত ৷ কোনো অপ্ৰকৃত বস্তুত গোলাপ ফুলৰ গোন্ধ সানি আমাক সুঙালে আমি সন্তুষ্ট নহম। কংগ্ৰেচে স্বাধীনতাৰ প্ৰকৃত গোলাপফুলহে বিচাৰে। যদি তাকে পায়, তেওঁলোকে আনন্দেৰে আপোচ কৰিবলৈ আগবাঢ়ি আহিব। যদি আপোনালোকৰ মন, বৃটিছ জাতিৰ মন আৰু কংগ্ৰেচৰ মনৰ মিল হয়, তেতিয়াহে আপোচ

সম্ভৱ ৷”

১০৩