সমললৈ যাওক

পৃষ্ঠা:শান্তি-দূত.pdf/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শান্তি-দূত
মহাত্মা গান্ধী
 

১২ চেপ্তেম্বৰৰ ৰাতিপুৱা তেওঁ ইংলণ্ডৰ ফকষ্টোন বন্দৰত নামে। তাৰপৰা তেওঁক মটেৰেৰে ইষ্টন ৰোডৰ বান্ধৱ-মিলন- মন্দিৰলৈ লৈ যায়। তাত অপূৰ্ব্ব শো৷ভাযাত্ৰা কৰি আৰু বিৰাট সভা পাতি মহাত্মাক অভ্যৰ্থনা জনায় ৷

 ১৪ চেপ্তেম্বৰৰ পৰা মহাত্মাই মেজ-মেলত যোগ দিয়ে। কেবা সপ্তাহ জুৰি মেজ-মেলৰ আলোচনা হৈছিল।  গান্ধীজীৰ বিলাতযাত্ৰাতাত মহাত্মাই অনেক সুচিন্তিত আৰু সাৰগৰ্ভ বক্তৃতা দিছিল। সেইবোৰ এখন সুকীয়া বুৰঞ্জীৰ সমল ৷ তাত তেওঁ কংগ্ৰেচৰ উদ্দেশ্য, লক্ষ্য আৰু সত্যাগ্ৰহৰ মৰ্ম্ম সভ্যসকলক স্পষ্টকৈ ব্যাখ্যা কৰি শুনাইছিল। তেওঁৰ ধৰ্ম্মভাৱ, মনোবল আৰু আধ্যাত্মিক শক্তি দেখি সকলো সভ্যই বিস্ময় মানিছিল।

 কংগ্ৰেচৰ লক্ষ্যৰ কথা তেওঁ কৈছিল⸺

 “কংগ্ৰেচৰ আকাঙ্ক্ষা ভাৰতৰ পূৰ্ণ-স্বাধীনতা লাভ। এই আকাঙক্ষা অহঙ্কাৰৰ ভাৱৰ পৰা নহয়; বন্ধুত্বৰ ভাৱৰ পৰাহে। বৃটিছ-মন্ত্ৰীসভাই ভাৰতক বলেৰে শাসন কৰিবলৈ এৰি মৰমৰ ডোলেৰে বান্ধি ভাৰতক গ্ৰেট-বৃটনৰ লগত সংযোগ কৰিবলৈ আয়োজন কৰক। ভাৰতীয় প্ৰজাক গ্ৰেট-বৃটনৰ প্ৰজাৰ দৰে স্বাধীনতাৰ সুখ আৰু আনন্দ উপভোগ কৰিবলৈ দিয়ক ৷ সাবালক সকলো প্ৰজাই ভোটাধিকাৰ পাব লাগিব। দুখনীয়া

ব্যৱস্থাপক সভা তুলি দিব লাগিব ৷ হিন্দু-মছলমান-শিখৰ সুকীয়া স্বাৰ্থ
কংগ্ৰেচে মানি লৈছে । অস্পৃশ্য সকলৰ স্বাৰ্থ কংগ্ৰেচে ৰক্ষা কৰিব।

১০২