নাই, বাজেয়াপ্ত সম্পত্তি মালিকক ঘুৰাই দিয়া নাই, ৰাজনৈতিক কাৰণত বৰখাস্ত কৰা বা ইস্তফা দিয়া কৰ্ম্মচাৰীক কাম দিয়া নাই, মদৰ দোকানবোৰে এতিয়াও লাইচেঞ্চ পাই আছে— এইবোৰৰ সোনকালে প্ৰতিবিধান কৰক।”
উত্তৰত বোম্বাইৰ প্ৰদেশপালে মহাত্মাক জনায়—
“চৰকাৰে বিশ্বাস ভঙ্গ কৰা নাই; সন্ধিৰ সৰ্ত্তও ভঙ্গ কৰা নাই। যি কৰিছে, ঠিকেই কৰিছে।"
এই উত্তৰ পাই গান্ধীজীয়ে ৰাজ-প্ৰতিনিধিক জৰুৰী তাঁৰৰ বাতৰিৰে জনায় যে,
“বোম্বাইৰ প্ৰদেশপালে সন্ধিৰ সৰ্ত্ত ভঙ্গ কৰি দাম্ভিক উত্তৰ দিছে। গতিকে চুক্তিৰ সৰ্ত্ত পালিত নহলে মোৰ মেজ-মেলত প্ৰতিনিধিত্ব কৰা অসম্ভৱ।"
লৰ্ড আৰউইনে উত্তৰত জনায়—
“তুমি যি ধাৰণা লৈছা, সি সম্পূৰ্ণ সত্য নহয়। যি হওক তুমি যদি যাব নোখোজা, তেন্তে মই প্ৰধান মন্ত্ৰীক তাকে জনাম।"
মহাত্মাই ৰাজপ্ৰতিনিধিক জনায়—
"চৰকাৰে যদি মই কৰা অভিযোগবোৰৰ প্ৰতিকাৰ নকৰে, তেন্তে মেজ মেললৈ মোৰ যোৱাৰ উপায় নাই। এই কথা অনুগ্ৰহ কৰি প্ৰধান মন্ত্ৰীক জনাব। মিছা খবৰত ভুল যোৱা মানুহ মই নহওঁ। মই প্ৰাদেশিক চৰকাৰবোৰৰ চুক্তি ভঙ্গ কৰা ঘটনাবোৰৰ বিবৰণ গোটাব ধৰিছোঁ। সম্পূৰ্ণ হলে জগতক দেখুৱাই প্ৰমাণ কৰিম যে, কংগ্ৰেছে কিমান ধৈৰ্য্য ধৰি নিৰাশাৰ মাজতো আশা কৰি আছে।”
৯৭