সমললৈ যাওক

পৃষ্ঠা:শান্তি-দূত.pdf/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শান্তি-দূত
মহাত্মা গান্ধী
 

 এইকাৰ্য্যত চৰকাৰৰ দূৰদৰ্শিতাৰ অভাৱ দেখি মহাত্মাই এইদৰে দুখ কৰে ৷

 “চৰকাৰে এই সময়ত ভগৎসিঙক ফাঁচি দি নিজৰ ভৰিৰ তলতে গাঁত খান্দি পৰি মৰিব খুজিছে।”

 কৰাচী কংগ্ৰেচৰ সভাপতি আছিল চৰ্দাৰ বল্লভ ভাই পেটেল । তাত মহাত্মাক কংগ্ৰেছৰ প্ৰতিনিধিৰূপে মেজ-মেলত যোগ দিবলৈ সম্পূর্ণ কর্তৃত্ব দিয়ে।

 ১৯৩১ চনৰ মাৰ্চ মাহত দিল্লীত মছলীম লীগৰ অধিবেশন বহে । মহাত্মাই তাত উপস্থিত থাকি লীগক কংগ্ৰেচৰ লগত সহযোগ কৰিবলৈ অনুৰোধ জনায়। মহাত্মাই লীগক জনায় যে, স্বাধীন ভাৰতীয় যুক্তৰাষ্ট্ৰৰ 'অবশিষ্ট' (Resudial) ক্ষমতা বিভিন্ন প্রাদেশিক চৰকাৰৰ হাতত নাথাকি কেন্দ্ৰতহে থাকিব । লীগে কলে—স্বাধীন ভাৰতৰ যুক্তৰাষ্ট্ৰ হব লাগিব স্বয়ং শান্তিত সাৰ্ব্বভৌম ৰাষ্ট্ৰসমূহৰ যুক্তৰাষ্ট্ৰ। এই কথাতে লাগি লীগে কংগ্ৰেচৰ লগত যোগ নিদিলে।

 তাৰ পাচত ৭ এপ্ৰিলত ভাৰতীয় বণিক সমিতিৰ সভা বহে । ভাৰতৰ অর্থমন্ত্রী চাৰ জৰ্জ চুষ্টাৰকে আদি কৰি অসংখ্য গণ্য-মান্য লোক তাত উপস্থিত আছিল। মহাত্মাই তেওঁলোকক কয় :—

 “ভাৰতৰ আকাঙ্ক্ষিত স্বৰাজৰ অৰ্থ ন্যায়ৰ শাসন। আমি আনক কেতিয়াও আত্মসাৎ নকৰে৷ আৰু আনকো আত্মসাৎ কৰিবলৈ নিদিওঁ । যি সকল বিদেশীয়ে ভাৰতীয় সভ্যতাক সন্মান কৰে, ভাৰত-মাতাৰ সেৱা কৰে, তেওঁলোকে স্বাধীন ভাৰতত সসন্মানে বাস কৰিব পাৰিব ।”

৯৪