সমললৈ যাওক

পৃষ্ঠা:শান্তনু নন্দন.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কাশী ৰাজ্যৰ কন্যাৰ একমাত্ৰ পাণি প্ৰাৰ্থী আছিল হস্তিনাপুৰৰ ৰাজ পৰিয়ালৰ যুৱৰাজহে। কিন্তু এইবাৰ আক’ কাশী ৰজাৰ কন্যা অম্বা, অম্বালিকা আৰু অম্বিকাৰ বিবাহৰ সময় হোৱাত সয়ম্বৰৰহে আয়োজন কৰিলে। এই কথাত ভীষ্মই মনে মনে অপমান বোধ কৰিলে। সেই বীৰ পৰাক্ৰমেৰে সকলোৰে চকুৰ আগতে সয়ম্বৰৰ দিনা তিনিওটি কন্যাক উঠাই হস্তিনাপুৰ পোৱালেহি। ভীষ্মৰ প্ৰতাপক সকলো ৰজাই সমীহ কৰিলে যদিও শাল্বৰজাই তেওঁৰ পাণি প্ৰাৰ্থী গৰাকীকো ভীষ্মই লোৱা দেখি ফেপেবি পাতি ধবিলে; কিন্তু ভীষ্মৰ লগত টিকিব নোৱাৰি তেওঁ আতৰিব লগা হ'ল। ভীষ্মইও নেজানে তেওঁ কাঢ়ি অনা তিনি কন্যাৰ ভিতৰত অম্বা বোলা গৰাকী যে শাল্ব ৰজাৰ পাণিপ্ৰাৰ্থী। পিচে কি হ’ব কপালৰ লিখন কোনে মচিব পাৰে। ভীষ্মৰো এয়ে কাল হ'ল। অম্বাৰ মুখত সকলো বিবৰি শুনি বিচিত্ৰবীৰ্যই তেওঁক গ্ৰহণ নকৰিলে আৰু স-সন্মানে শাল্ব ৰজাৰ ওচৰলৈ পঠাই দিলে। কিন্তু যাৰ কাৰণে ভীষ্মৰ লগত যুঁজি হাৰ মানিলে— যাক বিজেতাই মুখৰ আগৰ পৰা উঠাই নিলে তেওঁক আক’ কি সতেৰে পুনৰ গ্ৰহণ কৰে। অম্বাদেবী পুনৰ ভীষ্মৰ কাষ চাপি তেওঁক তিৰস্কাৰ কৰিবলৈ ধৰিলে। কিয়নো ভীষ্মৰ মইমতালিৰ কাৰণেই তেওঁৰ তেনে অৱস্থা হ'ল। এতিয়া দুয়োকুল মৰা গল, গল, এজনে আনৰ বাকদত্তা বুলি আৰু আনজনে বিজেতাই যুদ্ধত ঘটাই অনাৰ বাবে গ্ৰহণ কৰিবলৈ মন নকৰে। গতিকে ভীষ্মই পত্নীৰূপে গ্ৰহণ নকৰিলে তেওঁৰ উপায় নাই। কিন্তু ভীষ্মই প্ৰতিজ্ঞা অনুসৰি সেই কাম কৰিব নোৱাৰে। ভীষ্মৰ ওচৰতো বিমুখ হৈ অম্বাই প্ৰতিহিংসাভাৱ পোষণ কৰিলে। সময়ত ভীষ্মক ইয়াৰ পোটক তুলিবলৈ সংকল্প গ্ৰহণ কৰি তপস্যাত বহিল। এই অম্বাই পাচত দ্ৰোপদ ৰজাৰ সন্তান শিখণ্ডীৰূপে জনম লৈ ভীষ্মৰ কালৰূপে ঠিয় হ'ল। কথাবোৰ কেনে জেলেপিপাক লগা ধৰিবা পাৰিছাহঁকনে?

 ভীষ্মৰ জীৱনটোৱে যেন এক সংগ্ৰাম; প্ৰতিটো কাম সমাধা কৰিবলৈ যাওতে নিজৰ স্বাৰ্থ ত্যাগ কৰিব লগা হৈছিল, সেইদৰে

৬/ শান্তনু নন্দন